শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ আগষ্টঃ বিগত কিছুদিন ধৰি উত্তৰ লখিমপুৰ সংমণ্ডলে লখিমপুৰত নিয়মীয়া ভাৱে বিদ্যুৎ সংযোগ দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তন কৰি অহাৰ ফলত গ্ৰাহক সকলে দুৰ্ভোগ ভুগি অহাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ জিলাখনত বিদ্যুৎ সেৱা নিয়মীয়াকৰণৰ দাবীত আজি এনেদৰে আছুৱে বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ এই কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় নেতা ধনমণি দত্তকে ধৰি জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ লগতে আছু নেতা শৰৎ বৰুৱা, পুণমজ্যোতি বুঢ়াগোহাঁই, লিটু গগৈ আদিয়ে অংশগ্ৰহণ কৰে বুলি লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পিংকু বৰদলৈয়ে জানিবলৈ দিছে৷