লখিমপুৰত হেণ্ডকাপ সহ আদালতৰ পৰা পলায়নৰ চেষ্টা ড্ৰাগছ ব্যৱসায়ীৰ

0 17
শতাব্দ প্রতিনিধি, লখিমপুৰ ১৯ মেঃ সমগ্র ৰাজ্যখনত আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে লখিমপুৰতো লখিমপুৰ আৰক্ষীয়ে ভালেসংখ্যক ড্ৰাগছ ব্যবসায়ী আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। তেনে সময়তে আজি লখিমপুৰ আদালতৰ পৰা এটা ড্ৰাগছ ব্যৱসায়ীয়ে পলাবলৈ চেষ্টা কৰা ঘটনাই আদালতত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। প্রাপ্ত তথ্য অনুসৰি ১৮ মেত জিলাখনৰ চিলনীবাৰী আৰক্ষীয়ে অজয় সোণোৱাল নামৰ ড্ৰাগছ পেডেলাৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আন দুজনৰ লগত অজয় সোণোৱালকো আদালতত থিয় কৰাবলৈ আনে। এনে সময়তে অজয় সোণোৱালে আৰক্ষীৰ চকুত ধুলি দি হেণ্ডকাপসহ আদালত চৌহদৰ পৰাই পলায়নৰ চেষ্ট কৰে। পিছত আৰক্ষী আৰু স্থানীয় লোকে আদালত চৌহদৰ ড্রেনৰ পৰা ড্ৰাগছ পেডেলাৰ অজয় সোণোৱালক ধৰি আনিবলৈ সক্ষম হয়। একাংশই ড্রাগছ পেডেললাৰজনক পলায়নস্থলীতে উত্তম মধ্যম দিয়ে। আজি বিয়লি ৫ বজাত সংঘটিত এই ঘটনাই আদালত চৌহদত যথেষ্ট আমোদৰ সৃষ্টি কৰে।
মন্তব্য দিয়ক

Your email address will not be published.