লখিমপুৰত ৬,৭ আৰু ৮ ছেপ্টেম্বৰত ৰাজ্যিক ভিত্তিত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতৰ আবিৰ্ভাব মহোৎসৱঃ প্ৰস্তুতি তুংগত

 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যুগুত

0 40

উপস্থিত থাকিব ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি-চলচিত্ৰ অভিনেতা-কণ্ঠশিল্পী

“নৈমিষাৰণ্য” সৃষ্টিৰে পাঠ-ব্যাখা চলিব শ্রীমদ্ভাগৱত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টেম্বৰঃ শ্রীমদ্ভাগৱতৰ আদি প্রবক্তা মহামুণি শ্রী শ্রী ৰোমহর্ষণ সূত দেৱৰ আবিৰ্ভাৱ ভাদ্ৰী পূৰ্ণিমাত হৈছিল। সেইসূত্ৰে এইবাৰ আবিৰ্ভাৱ মহোৎসৱ ৰাজ্যিক ভিত্তিত অহা ভাদ মাহৰ ২০,২১ আৰু ২২ তাৰিখে (৬,৭ আৰু ৮ ছেপ্টেম্বৰ,২০২৫) সদৌ অসম সূত সন্মিলনৰ উদ্যোগত,লখিমপুৰ জিলা সূত সন্মিলনৰ সহযোগত আৰু ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ’ব। সদৌ অসম ভিত্তিত লখিমপুৰ জিলাৰ উৰিয়ামপৰা-ধূনাবাৰীৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত তিনিদিনীয়া মননশীল আৰু বৰ্ণিল কাৰ্যক্রমণিকাৰে উদযাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱলৈ সূত সম্প্রদায়ৰ ৰাইজৰ লগতে অন্যান্য জাতিহিতৈষী ৰাইজৰ উপস্থিতিয়ে তথা সহায়-সহযোগিতাই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব বুলি উদযাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে। কাৰ্যসূচী অনুসৰি ৬ ছেপ্টেম্বৰৰ পুৱা ৪ বজাত ভাৱিৰাম বৈদ্যৰ তত্ত্বাৱধানত ঊষা কীর্ত্তন,পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ,পুৱা ৭ বজাত সোমেশ্বৰ বৰা আৰু ৰূপেশ্বৰ বৰাৰ দ্বাৰা বৃক্ষৰোপণ,পুৱা ৮ বজাত লখিমপুৰ জিলা সূত সন্মিলনৰ সভাপতি কমল সূতৰ দ্বাৰা পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ হ’ব। পুৱা ৯ বজাত নৈমিষাৰণ্য আৰু সিদ্ধাশ্রম উদ্বোধন কৰিব সদৌ অসম সূত সন্মিলনৰ প্রাক্তন সভাপতি উদয় শংকৰ হাজৰিকাই। পুৱা ৯.৩০ বজাত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অচ্যুৎ বৈদ্যই ভাগৱত স্থাপন কৰাৰ পিছত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামনাথ হাজৰিকাই উক্ত অনুষ্ঠান উদ্বোধন কৰিব। পুৱা ১০ বজাত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান।ব্যাখ্যা আগবঢ়াব বিশ্বনাথ চাৰিআলিৰ বিনিত বৰাই, পাঠ কৰিব মহেন্দ্ৰ ৰাজখোৱাই। দুপৰীয়া ১২ বজাত ড° প্ৰশান্ত বাৰিকৰ সম্পাদনাত প্ৰকাশিত “সূত-নামা” শীৰ্ষক স্মৃতিগ্রন্থ উন্মোচন কৰিব নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাই। বিয়লি ১ বজাত বক্তৃতা আৰু ৰচনা প্রতিযোগিতা উদ্বোধন কৰিব সদৌ অসম সূত সম্মিলন সম্পাদক দিবাকৰ বৰাই। সঞ্চালনা কৰিব লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই। অনুষ্ঠানত যুৱ বক্তা হিচাপে অংশ লব মাজুলীৰ মৃনাল বৰুৱাই। শিশুসকলৰ মাজত অনুষ্ঠিতব্য বক্তৃতা প্ৰতিযোগিতাৰ বিষয় “নৈমিষাৰণ্য”। যুৱক-যুৱতী আৰু আইসকলৰ বাবে বক্তৃতাৰ বিষয় “সূত জাতিৰ ইতিহাস আৰু বৰ্তমানৰ প্ৰেক্ষাপটত স্থিতি আৰু কৰণীয়।” নিম্ন শাখাৰ বাবে ঠাইতে বহি লিখা ৰচনা প্রতিযোগিতাৰ বিষয় “শিশুৰ দৈনন্দিন জীৱনত প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা।” উচ্চ শাখাৰ বিষয় “শ্রীশ্রী ৰোমহর্ষণ সূত গোস্বামীদেৱৰ জীৱন আৰু কৰ্ম।” অনুষ্ঠানটি উদ্বোধন কৰিব অঞ্জু শইকীয়াই। সন্ধ্যা ৯ বজাত ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন হ’ব লগা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ৰুক্মিণী হৰণ ভাওনা উদ্বোধন কৰিব নাওবৈচাৰ বিশিষ্ট সমাজসেৱক ঋষিৰাজ হাজৰিকাই। ৭ ছেপ্টেম্বৰৰ পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ,৭.৩০ বজাত চাহ-জলপান আপ্যায়ন। পুৱা ৮.৩০ বজাত নৈমিষাৰণ্যত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান।পাঠক পুলিন শইকীয়া,ব্যাখ্যাকাৰ যোৰহাটৰ ড° হৰেশ্বৰ বৰা,পুৱা ১০ বজাত সাংস্কৃতিক প্রতিযোগিতা। ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ আইসকলৰ দিহা নামৰ দ্বাৰা মঞ্চ মুকলি। উদ্বোধন কৰিব অমূল্য মুদৈয়ে,সঞ্চালনা কৰিব সদৌ অসম সূত সন্মিলনৰ কাৰ্যকৰী সভাপতি প্রভাত দত্তই। অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, দিহানাম, বিয়ানাম, লোকগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধ্যা ৮ বজাত পৃথক মঞ্চত সদৌ অসম সূত সম্মিলনৰ জ্ঞাতি সন্মিলন/সাধাৰণ সভা। উদ্বোধন কৰিব লখিমপুৰ জিলা সূত সন্মিলনৰ কাৰ্যকৰী সভাপতি মহেন শইকীয়াই। সঞ্চালকৰ আসন শুৱনি কৰিব সদৌ অসম সূত সন্মিলনৰ সভাপতি অতুল ভূঞাই,সভাৰ আঁত ধৰিব প্ৰধান সম্পাদক দিবাকৰ বৰাই। নিশা ৯ বজাৰ পৰা মাজুলী জিলা সূত সন্মিলনৰ খোনাচুক মহিলা আৰু যুৱতীসকলৰ দ্বাৰা ‘বৰাহৰ পৃথিৱী উদ্ধাৰ,নৰকাসুৰ বধ’ ভাওনা প্রদর্শন হ’ব। উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৱজিৎ বৰাই। ৮ ছেপ্টেম্বৰৰ পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ।পুৱা ৭.৩০ বজাত চাহ-জলপান আপ্যায়ন। পুৱা ৮.৩০ বজাত নৈমিষাৰণ্যত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান।পাঠক দিলিপ শইকীয়া। পুৱা ৯.৩০ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা। উদ্বোধন কৰিব “যুৱ সাংবাদিক সন্থা, অসম”ৰ সভাপতি বুবুল হাজৰিকাই। শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিব বিশিষ্ট অভিনেতা অতুল পাচনি, সুদৰ্শন অভিনেতা যতীন বৰা আৰু জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰে। দুপৰীয়া ১২ বজাৰ পৰা মূল সভা। উদ্বোধন কৰিব সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ হাজৰিকাই। সদৌ অসম সূত সন্মিলনৰ সভাপতি অতুল ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা মূল সভাত মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই। নির্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা,বিশিষ্ট অতিথি হিচাপে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলিপ বৰা, সদৌ অসম সূত সন্মিলনৰ মুখ্য উপদেষ্টা সুৰেশ বৰা, উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালক প্রসন্ন বৰাই অংশগ্ৰহণ কৰিব। সভাত সন্মানীয় অতিথিৰূপে বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°লোহিত হাজৰিকা,অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী ড°গোবিন বৰা,বজালীৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্রাপক বোলছবি শিল্পী ৰাজেন দাস,সন্মিলনৰ প্ৰাক্তন সভাপতি পৰাগ গায়ন, বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা,সূত উন্নয়ন পৰিষদ,অসমৰ প্ৰাক্তন উপাধ্যক মাণিক চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত উপ-মুখ্য অভিযন্তা শ্রীমন্ত মোহন হাজৰিকা, সূত উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ তৰুণ বৰা, বিশিষ্ট সমাজকর্মী অমিতাভ বৰা, অতুল পাঁচনি, যতীন বৰা, বিদ্যাসাগৰ,মানস ভাগৱতী,সূত উন্নয়ন পৰিষদ অসমৰ উপাধ্যক্ষ তৰুণ বৰুৱা, বিশিষ্ট শিক্ষাবিদ পৰেশ চন্দ্ৰ দাস, বিশিষ্ট সমাজকর্মী তথা যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা, বিশিষ্ট সমাজকৰ্মী মিলন শংকৰ হাজৰিকা,বজালী জিলা পৰিষদৰ অধ্যক্ষ মিনাক্ষী দাসে অংশগ্ৰহণ কৰিব। সভাত আমন্ত্রিত অতিথি হিচাপে জিন্টু হাজৰিকা,হেমকান্ত বৰুৱা, ৰাজীৱ কুমাৰ হাজৰিকা, জগত চন্দ্ৰ বৰা, বন্তি শইকীয়া, দ্বিতিমণি বৰা, কুঞ্জ বৰা, প্রদীপ বৰুৱা, যোগৱত হাজৰিকা, কমল শইকীয়া, মৃনাল কুমাৰ বৰা, গাঠিৰাম হাজৰিকা, দিলিপ বৰা, বিমান শইকীয়া, নেপাল পোদ্দাৰ, পবিত্ৰ হাজৰিকা, ৰাজীৱ নেওগ, দণ্ডেশ্বৰ বৰুৱা, দিব্যজ্যোতি লেখক, জয়ন্ত বৰা, ৰঞ্জিত বৰা, দীপক দাস, লক্ষ্যজিৎ হাজৰিকা, ডাঃ জয়প্রকাশ দাস, নাৰায়ণ ভূঞা, ধন ভৰালী, পুলিন গায়ন, সীমান্ত দাস আদিয়ে অংশগ্ৰহণ কৰাৰ কথা। মুকলি সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হ’ব। নিশা ৯ বজাৰ পৰা কমলপুৰ ৰঘু কুল মণি শিল্পী সমাজৰ দ্বাৰা বাণ বিক্ৰম কুমাৰ হৰণ ভাওনা প্ৰদৰ্শন হ’ব, উদ্বোধন কৰিব জীৱকান্ত বৰাই।

পথ নিৰ্দেশনাঃ উল্লেখ্য যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহিব লগা ব্যক্তিসকলৰ সুবিধাৰ্থে উদযাপন সমিতিয়ে পথ নির্দেশনা যুগুতাইছে। সেই মৰ্মে লখিমপুৰ জিলাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা লালুকৰ পৰা বিহপুৰীয়া সংযোগী পথৰে গৈ বঙালমৰা তিনিআলি পাব। তাৰ পৰা মাজুলী সংযোগী পথেদি প্রায় ৬ কিলোমিটাৰ গলেই মহোৎসৱস্থলীত উপস্থিত হ’ব পাৰিব। সূত জাতিৰ আদিপুৰুষ গৰাকীৰ আবিৰ্ভাব মহোৎসৱটিৰ প্ৰস্তুতি সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজকৰ তৰফৰ পৰা সদৌ অসম সূত সম্মিলনৰ হৈ অতুল ভূঞা-সভাপতি,প্রভাত দত্ত আৰু পৰেশ দাস-কাৰ্যকৰী সভাপতি,দিবাকৰ বৰা- সম্পাদক, আদৰণী সমিতি হৈ দেৱেশ্বৰ বৰা-সভাপতি, অচ্যুৎ বৈদ্য-কাৰ্যকৰী সভাপতি,মুনিন্দ্ৰ বাৰিক-সম্পাদক, জিলা সূত সম্মিলনৰ হৈ কমল সূত-সভাপতি,মহেন শইকীয়া-কাৰ্যকৰী সভাপতি,মুনিন্দ্ৰ বাৰিক-সম্পাদক,ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সমিতিৰ হৈ দুৰ্গেশ্বৰ শইকীয়া-সভাপতি,মৃণাল শইকীয়া-সম্পাদকে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.