লখিমপুৰত ৭ দিনত হস্ততাঁত বস্ত্রশিল্প বিভাগে ক্ৰয় কৰিলে কেৱল ৯৪ খনহে গামোচা

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২১ জানুৱাৰী : চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ মহিলা তথা শিপিনীসকলৰ উন্নয়নৰ বাবে মুকলি কৰা স্বনিৰ্ভৰ নাৰী ২০২১-২২ আঁচনিখন এতিয়া এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে। ১৫ দিনৰ বাবে চৰকাৰে অসমৰ পঞ্জীয়ন ভুক্ত শিপিনীসকলৰ পৰা গামোচা ক্ৰয়ৰ আঁচনি মুকলি কৰি প্রতিখন জিলাতে একাংশ ক্রয় কেন্দ্ৰ স্থাপন কৰিছিল। লখিমপুৰ জিলাতো সেই অনুসৰি হস্ততাঁত বস্ত্রশিল্প বিভাগৰ জৰিয়তে ঘিলামৰা, লখিমপুৰ, ঢকুৱাখনা আৰু নাৰায়ণপুৰত একোটাকৈ গামোচা ক্রয় কেন্দ্ৰ স্থাপন কৰা হয় যদিও এই কেন্দ্ৰসমূহত শিপিনীসকলে গামোচা বিক্ৰী কৰিব পৰা নাই। প্ৰতিগৰাকী পঞ্জীয়নভুক্ত শিপিনীৰ পৰা ১০০ খনকৈ গামোচা ক্ৰয়ৰ আঁচনি গ্ৰহণ কৰিছিল যদিও যোৱা ৭ দিনত লখিমপুৰ কেন্দ্ৰই কেৱল ৯৪ খনহে হাতে বোৱা গামোচা ক্ৰয় কৰিবলৈ সক্ষম হৈছে। হস্ততাঁত বস্ত্রশিল্প বিভাগে নীতি নিৰ্ধাৰণ কৰি দিয়া অনুসৰি শিপিনীসকলে গামোচা যোগান ধৰিব নোৱাৰাৰ বাবেই এই গামোচা ক্রয় কেন্দ্ৰসমূহে গামোচা ক্ৰয়ত সফলতা লাভ কৰিব পৰা নাই। সেই অনুসৰি এনে স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে যে শিপিনীসকল লাভৱান হ’ব পৰা নাই সেই কথা পোহৰলৈ আহিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে স্বনিৰ্ভৰ নাৰী 2021-22 আঁচনিৰ অধীনত অসমৰ বিভিন্ন জনগোষ্ঠীয় থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা, আৰনাই, ডুমেৰ, পাজাৰ আদি ক্ৰয়ৰ আঁচনি গ্ৰহণ কৰি এনে বস্ত্ৰৰ মানদণ্ড আৰু নিৰিখ নিৰ্ধাৰিত কৰি দিছে যদিও হস্ততাঁত বস্ত্রশিল্প বিভাগে আশা কৰা অনুসৰি এনে উৎপাদিত বস্ত্ৰ ক্ৰয় কৰিব পৰা নাই। একাংশ শিপিনীয়ে বিক্ৰী কেন্দ্ৰলৈ বস্তাই বস্তাই গামোচা বিক্ৰীৰ বাবে আনিও পুনৰ ঘূৰাই নিব লগা হৈছে। চৰকাৰে গামোচাৰ মান অনুসৰি এখনৰ মূল্য ১৭৫ টকাৰ ১৮৪০ টকালৈ ধাৰ্য কৰি দিছে বুলি হস্ততাঁত বস্ত্রশিল্প বিভাগৰ লখিমপুৰৰ উপ-হস্ততাঁত বস্ত্রশিল্প বিষয়া জিতামণি কুংবাঙে  জানিবলৈ দিছে৷ চৰকাৰৰ এনে আঁচনিৰ জৰিয়তে দুখীয়া শিপিনী সকল উপকৃত হ’বনে বুলিও প্রশ্ন উত্থাপিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.