লখিমপুৰত ৰাণী ৰঙানদী সমষ্টিত ভূপেন বৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ

লখিমপুৰত এ পি চি চিৰ তত্বাৱধায়ক মনোজ চৌহান

0 15

শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ আগষ্টঃ আগন্তুক ২০২৬ চনত হ’ব লগা বিধান সভাৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা ৰাণী নৰহে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰাৰ বিপৰীতে ভূপেন বৰাই পূৰ্বৰ বিহপুৰীয়া সমষ্টিৰ পৰিৱৰ্তে জন্মভূমি ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে৷ কাৰ্যতঃ আজি এনে এটা ইংগিতেই দিলে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক মনোজ চৌহানে। উল্লেখ্য যে কংগ্ৰেছে এইবাৰ “বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা” প্ৰাৰ্থীক টিকট দিয়াৰ জড়িয়তে চৰকাৰ গঠনৰ ৰণকৌশল অৱলম্বন কৰাৰ সূত্ৰে আজি লখিমপুৰত মণ্ডল আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ এক সন্মিলন অনুষ্ঠিত হয়, য’ত দীৰ্ঘ বিৰতিৰ অন্তত এইবাৰ একেখন মঞ্চত উপবিষ্ট হ’ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিলৈ মন মেলা ৰাণী নৰহক আজি এনেদৰে লখিমপুৰৰ এখন কংগ্ৰেছৰ দলীয় সভাত দেখা পোৱা ঘটনাই আগন্তুক নিৰ্বাচনত নৰহে যে লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাক এক দলীয় সূত্ৰই সদৰী কৰে৷ বিগত সময়ত লোকসভা নিৰ্বাচনৰ সময়ত টিকট পোৱা নোপোৱাক লৈ ৰাণী নৰহ আৰু ভূপেন বৰাৰ মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘাতৰ৷ সৃষ্টি হৈছিল দুয়োৰে মাজত মতানৈক্যৰ৷ কিন্তু এতিয়া বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লখিমপুৰত এনেদৰে দুই শক্তিশালী নেতাই একেটা স্থানত একেখন মঞ্চত উপবিষ্ট হৈ ইংগিত প্ৰদান কৰে যে দুয়ো এইবাৰ দুটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ ৷ লখিমপুৰৰ আহুচাউল গাঁও ৰঙ্গমঞ্চত কংগ্ৰেছৰ জিলা সভাপতি গংগাজ্যোতি টায়েগামে আঁতধৰা মণ্ডল আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ সন্মিলনত নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক মনোজ চৌহানে অংশগ্ৰহণ কৰি কয়- বিজেপিৰ ভোট চুৰি কাণ্ডৰ বাবে ২০২৬ ৰ বিধান সভা নিৰ্বাচনত জনতাৰ আদালতে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব৷ তেওঁ আৰু কয় যে নিৰ্বাচন আয়োগ আৰু বিজেপি মিলি আছে৷ গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে যি তথ্য দিছে সেয়া সম্পূৰ্ণ ভুৱা আৰু তাক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি মনোজ চৌহানে সংবাদ মাধ্যম আগত ব্যক্ত কৰে৷ আগন্তুক নিৰ্বাচত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ধৰ্মপত্নীৰ চিণ্ডিকেটৰাজ হ’ব নিৰ্বাচনৰ মূল ইচ্ছু্ ৷ এইবাৰ যুঁজ এখন হ’ব৷ এই যুদ্ধ হ’ব মহাভাৰতৰ যুদ্ধৰ নিচিনা৷ এই যুঁজ হ’ব ন্যায় আৰু অন্যায়ৰ, ধৰ্ম আৰু অধৰ্মৰ যুঁজ বুলি তেওঁ লগতে মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.