শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পথালি পাম খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে আজি পথালিপামৰ ধৰ্মপুৰত অভিযান চলাই ২০ টা চোৰাং খয়েৰ গছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ধৰ্মপুৰ অঞ্চলৰ পৰা পবিত্ৰ চুতীয়া, বোপ দাস আৰু দিলীপ দাস নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি সোৱণশিৰিৰ বুকুৰে চলি আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ দিনৰ পোহৰতে বন মাফিয়াই কাটি নিছে সোৱণশিৰি ভূমি সংৰক্ষণ বিভাগৰ মূল্যবান গছ৷ বনবিভাগৰ চূড়ান্ত হেমাহীৰ বাবেই সোৱণশিৰি বনাঞ্চলৰ সোনাপুৰত এতিয়া ৰঙা খয়েৰ গছৰ ধবংসযজ্ঞ চলাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতে আজি বন বিভাগে হঠাতে অভিযান চলাই এনেদৰে বৃহৎ পৰিমানৰ কাঠৰ কুণ্ডাসমূহ উদ্ধাৰ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে৷ লক্ষণীয় কথা যে বিভিন্ন সময়ত বন মাফিয়াই এই মূল্যবান গছসমূহ দিনৰ পোহৰতে কাটি সোৱণশিৰিৰ বক্ষৰে কাঠৰ কুণ্ডাসমূহ নাৱেৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে৷ উল্লেখনীয় কথা যে সোনাপুৰ অঞ্চলত পূৰ্বে প্ৰায় ২ শ জোপামান খয়েৰ গছ আছিল যদিও এতিয়া বনাঞ্চলখনত বন মাফিয়াৰ কবলত পৰি এশ জোপামানহে এনে খয়েৰ গছ ৰৈছেগৈ৷ বিশেষকৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ হেমাহী আৰু দুৰ্বলতাৰ বাবেই এতিয়া বনাঞ্চলখনত অবাধে ধবংস লীলা চলাৰ অভিযোগ উত্থাপিত হৈছে৷ বিভিন্ন দল-সংগঠনে এনে কাৰ্য ৰোধৰ বাবে বন বিভাগক দাবী জনাই আহিছে যদিও বন বিভাগে তালৈ কৰ্ণপাত নকৰাত এনে কাৰ্য সংঘটিত হৈ আহিছে৷