লখিমপুৰৰ বগীনদীত এজনক গুলীয়াই হত্যাৰ প্ৰচেষ্টা

বৰপেটাৰ ট্ৰাক চালক আহত

0 14

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ মে’ : লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নিত শুকুৰবাৰে নিশা এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত বৰপেটাৰ ৰৌমাৰী পথাৰৰ ফজৰ আলিৰ পুত্ৰ তথা গাড়ীচালক গুলবাহাৰ আলি গুৰুতৰ ভাৱে আহত হয়। দুগৰাকী কন্যা সন্তানৰ পিতৃ গুলবাহাৰ আলিয়ে দুবছৰ পূৰ্বৰে পৰা ট্ৰাক চালক হিচাপে জীৱন নিৰ্বাহ কৰি আহিছিল। জানিব পৰামতে ট্ৰাক চালক গুলবাহাৰে আনদিনাৰ দৰে কালি নিশা ১০ বজাত সত্যজিত ৰেগনৰ বাসগৃহৰ সন্মুখত থকা ব্ৰয়েলাৰ দানাৰ গোদামত দানা নমায়। তেনে সয়তে ৰেগন আহি উপস্থিতহৈ তৰ্কত লিপ্ত হয়। পাছত ৰেগনে বাসগৃহলৈ গৈ নিজৰ চাৰ্ভিচ পিষ্টল লৈ প্ৰথমে শূন্যলৈ আৰু পাছত বকুলৈ গুলি মাৰে। ফলত গুলবাহাৰ বুকুভেদি গুলি পাৰহৈ যায়। এই ঘটনাৰ পাছতে বগীনদী আৰক্ষীয়ে গুলিবিদ্ধ গুলবাহাৰক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু তাতে সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰা কদম গুলিহলা মিচিং গাঁও নিবাসী প্ৰয়াত পদ্মধৰ ৰেগনৰ পুত্ৰ সত্যজিৎ ৰেগনে ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত এ জে পিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়ৰ বৰণ কৰিছিল। বাতৰি লিখা পৰলৈ ৰেগন পলাতক হৈ আছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ৰেগনৰ বলেন’ বাহন খন জব্ধ কৰাৰ বাদে বিশেষ অগ্ৰগতি লাভ কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.