শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বাইপাছত আজি পুৱা প্ৰায় ৮. ৪০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ চেইণ্ট মেৰিজ স্কুলৰ ৫ জন দশমমান ছাত্ৰই এখন হোণ্ডাই এমেজ বাহনেৰে গৈ থকা সময়ত বাইপাছত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কিশোৰ ছাত্ৰ কেইজন আঘাত প্ৰাপ্ত হয়। লখিমপুৰৰ চিয়াজুলি এলেকাৰ প্ৰতাপগড় গাঁৱৰ অংকিত শইকীয়াই বাহনখনৰ চলাই গৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ছাত্রজনৰ লগত আন চাৰিজন সহপাঠী বন্ধুও আছিল।
আহত ছাত্ৰকেইজন হৈছে অংকিত শইকীয়া, ভাৰ্গবজ্যোতি কোঁৱৰ, চন্দন ডেকা, সৌৰভ দাস, জ্যোতিৰ্ময় কলিতা। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে গাড়ী দুখন জব্দ কৰে। আহত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
