লখিমপুৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক উপায়ুক্তৰ ধমকঃ অনুকম্পামূলক নিযুক্তিত উৎকোচ গ্ৰহণ

0 152

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰি অহা কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াৰ নাম পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এইজন জ্যেষ্ঠ সহায়কৰ কু-কাণ্ডৰ বাবে উপায়ুক্তৰ ধমক খাবলগীয়া হৈছে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়াই। উল্লেখ্য যে ফুলবাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ এটা অনুকম্পামূলক পদৰ নিযুক্তিৰ ফাইলৰ ক্ষেত্ৰত জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াই ৬০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰা বুলি জিলা উপায়ুক্তই অভিযোগ লাভ কৰে। যাৰ ফলত জিলা উপায়ুক্তই বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চুতীয়াক জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ মতাই নি এইজন ঘোচখোৰ জ্যেষ্ঠ সহায়কৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে পৰিদৰ্শকজনকো ধমক দিয়ে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে পোনাৰাম বনিয়াৰ বিৰুদ্ধে কাৰ্যালয়তে ঘোচ লোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল আৰু তাৰ পিছতে বিদ্যালয় পৰিদৰ্শকে জ্যেষ্ঠ সহায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইমানৰ পিছতো উৎকোচ ল’বলৈ কুণ্ঠাবোধ নকৰা বনিয়াই এইবাৰ এটা অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ফাইল পঠোৱাৰ নামত এনেদৰে বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ লাভ কৰাৰ পিছতে উপায়ুক্তজনে বিদ্যালয় পৰিদৰ্শকজনক মতাই নি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে আজি এই সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকজনে সংবাদ মাধ্যমক কয় যে উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াক পূৰ্বৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে। বনিয়াৰ বাবেই পৰিদৰ্শকজনে উপায়ুক্তৰ পৰা কটু বাক্য শুনিব লগা হোৱা বুলিও মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.