লখিমপুৰৰ শিক্ষক-আলোকচিত্ৰ শিল্পী প্ৰাণজিত বৰুৱাৰ অকাল বিয়োগত শোক

0 104

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিক্ষক আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰাণজিৎ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ৷ অতি কম বয়সতে সামাজিক মাধ্যমত জনমত গঠনৰ মঞ্চ তৈয়াৰ কৰাৰ লগতে ইতিবাচক চিন্তাৰে কাম কৰি থকা প্ৰাণজিৎ কিছুদিনৰ পূৰ্বে হঠাতে এক জটিল ৰোগত আক্ৰান্ত হয়। প্ৰাণজিতক প্ৰথম পৰ্যায়ত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা’ আৰু গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। আজি তাতে তেওঁৰ দেহাৱসান ঘটে৷ লখিমপুৰৰ কোঁৱৰগাওঁ নিবাসী নিৰোদ বৰুৱা আৰু ৰুণুমী দত্ত বৰুৱাৰ সুযোগ্য সন্তান প্ৰাণজিৎ লখিমপুৰত বিভিন্ন সামাজিক কাম কাজতো জড়িত আছিল৷ মৃত্যুৰ সময়ত পত্নী সহ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃক ইহসংসাৰত এৰি থৈ যায়৷ আকস্মিক ভাৱে অতি কম বয়সত মৃত্যুক আঁকোৱালি লোৱা প্ৰাণজিতৰ নশ্বৰ দেহ আজি সন্ধিয়া ৫-৪৫ বজাত নিজ বাসগৃহ পোৱাৰ সময়ত অগণন লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰাণজিতৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছা পৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷ উল্লেখ যে প্ৰাণজিতে লখিমপুৰৰ বান্তৌ বঙালী এম ই স্কুলত শিক্ষকতা কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.