লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি

0 79

উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ অসম কো অপাৰেটিভ এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া চুতীয়া লখিমপুৰৰ এগৰাকী সমাজ সংগঠক হোৱাৰ লগতে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশত “কৃষ্ণগুৰু” এক নাম ধৰ্মৰ প্ৰসাৰত অৰিহনা যোগাইছিল৷ চকুলীভৰীয়াত “কৃষ্ণগুৰু” শাখা সেৱাশ্ৰম প্ৰতিস্হা কৰাত প্ৰয়াত চুতীয়াৰ উল্লেখযোগ্য অৰিহণা আছিল ৷ সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তিত “কৃষ্ণগুৰু” আধ্যাত্মিক সমাজৰ ভকত-বৈষ্ণৱ সকলৰ মাজত উত্তৰ অসমত গভীৰ শোকৰ ছাঁ পৰে৷ উল্লেখযোগ্য যে যুৱ অৱস্থাত ফুটবল খেলুৱৈ হিচাপে বিশেষ নাম কৰা, চুতীয়াৰ গায়ন বায়নৰ শিল্পী হিচাপেও এক বিশেষ চিনাকি আছিল। লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ে চুতীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি তেখেতক এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা গায়ন-বায়ন শিল্পী হিচাপে সুঁৱৰি দুখ প্ৰকাশ কৰে।মৃত্যুৰ সময়ত সৰ্বেশ্বৰ চুতীয়াই, পত্নী, জী-জোঁৱাই, দুই পুত্ৰ, বোৱাৰী, দুগৰাকী ভাতৃৰ লগতে সহস্ৰ গুণমুগ্ধ ইহসংহাৰত এৰি থৈ যায়। সৰ্বেশ্বৰ চুতীয়াৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে।তেখেতৰ শেষকৃত্য শুকুৰবাৰে পুৱা ৭ বজাত চকুলীভৰীয়াত সম্পন্ন কৰা হব।

মন্তব্য দিয়ক

Your email address will not be published.