লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন

0 0

উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ  সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা “পোষণ পখোৱাৰা ২০২৩” অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ পখোৱাৰা ২০২৩” অভিযানৰ উদ্দেশ্য হৈছে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ ,ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অঙ্গনবাদী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ। জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া মুস্তাফা চেলিম আহমেদে সভাত পোষণ পখোৱাৰা অভিযান সম্পৰ্কে বহুলভাৱে বক্তব্য আগবঢ়ায়। সভাত জিলা পোষণ অভিযান সমম্বয় বিষয়া বিষ্ণু শৰ্মা, জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, জিলা আৰু খণ্ড উন্নয়নৰ পোষণ অভিযানৰ বিষয়াসকল আৰু প্ৰধানমন্ত্ৰী মাক্ৰ বন্দনা যোজনাৰ বিষয়াসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.