লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

0 0
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ  ২৫ এপ্ৰিল ; লখিমপুৰ  জিলা যুৱ কংগ্ৰেছৰ হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি  প্ৰয়াত বিধায়ক লেখন লাহনৰ নাতি মৌচম লাহনে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত বিপুল ভোটত নিৰ্বাচিত হৈছে। নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে  সৰ্বমুঠ ৪৩৬১টা ভোট লাভ কৰে আৰু২২৫৯ ভোটৰ  ব্যৱধানত লক্ষীমপুৰ জিলাৰ সভাপতি পদত নিৰ্বাচিত হয়। নিৰ্বাচনত অৱতীৰ্ণ  প্ৰেমধৰ মিলিয়ে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ লগতে  বলীন দলে আৰু মৃদু পেগুৱে উপ সভাপতি পদত নিৰ্বাচিত হয়। আৰু অতি দুৰ্ভাগ্যজনক কথা যে, লক্ষীমপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ পুত্ৰই মাত্ৰ ১ টা ভোট পাবলৈ সক্ষম হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.