লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি-গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ দেহাৱসান

লখিমপুৰ জিলা সাহিত্য সভাৰ শোক

0 122

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুলাইঃ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি আৰু গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ আজি পুৱা ৯ বজাত দেহাৱসান ঘটে। আজি পুৱা তেখেত হঠাৎ অসুস্থ হৈ পৰাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আজি তেখেতৰ নশ্বৰ দেহ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস ভৱনলৈ নি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লক্ষীমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত নিয়োগ বিষয়া লক্ষীবিলাস শইকীয়াৰ সহধৰ্মিনী দেৱযানী শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ। তেখেতৰ জন্ম হৈছিল ১৯৫২ চনৰ ২৫ আগষ্ট কমলাবৰীয়াত। তেখেতৰ পিতৃৰ নাম আছিল ৰত্নেশ্বৰ শৰ্মা আৰু মাতৃ আছিল মালতী দেৱী। তেখেত ২০১২ চনৰ আগষ্ট মাহত লক্ষীমপুৰ জিলা নিয়োগ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেখেতে দুই পুত্ৰ ক্ৰমে ডাক বিভাগৰ বিষয়া শ্যামসুন্দৰ শইকীয়া, চন্দন শইকীয়া, বোৱাৰী ৰশ্মি শইকীয়া, চিন্তামণি শইকীয়া, কন্যা সুভাশ্ৰী শইকীয়া, জোঁৱাই কৰুণা বৰুৱা ৪ গৰাকী নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায়। লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় তথা ভূমি মুক্তহস্তে দান কৰি বিৰল বদান্যতাৰ পৰিচয় দিয়া দেৱযানী শইকীয়াৰ মৃত্যুত লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.