লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এডুফেয়াৰ অনুষ্ঠিত

0 15

উত্তৰ লখিমপুৰঃ ২ জুনঃ বিভিন্ন বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু বিজনেছ স্কুলে আগবঢ়োৱা বিভিন্ন পেছাদাৰী পাঠ্যক্ৰমত কেৰিয়াৰৰ সম্ভাৱনা থকা লোকৰ বাবে সাধাৰণভাৱে লখিমপুৰ জিলা আৰু বিশেষকৈ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজি মহাবিদ্যালয়ৰ চৌহদত এখন শিক্ষা মেলাৰ আয়োজন কৰা হয়।মহাবিদ্যালয়খনৰ কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেচমেণ্ট চেলৰ উদ্যোগত আৰু ইমপেক্ট মিডিয়া, গুৱাহাটীৰ সহযোগত আয়োজিত এই শিক্ষা মেলাখনি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই বন্তি প্ৰজ্বলন কৰি আৰু লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰজ্যোতি বৰাই ফিটা কাটি উদ্বোধন কৰে। উদ্বোধনী ভাষণত এডিচি বৰাই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ বিভিন্ন বিকল্প বাছি লোৱাৰ বাবে এনে শিক্ষা মেলা আয়োজন কৰাত মহাবিদ্যালয়খনে লোৱা ভূমিকাক শলাগ লয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ কলেজ আৰু বিশ্ববিদ্যালয়কে ধৰি ব্যৱসায়িক ব্যৱস্থাপনা, চিকিৎসা, দন্ত চিকিৎসা, অভিযান্ত্ৰিক, আইন, স্নাতক, গণসংযোগ আদি স্নাতক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে প্ৰদান কৰা চৈধ্যখন ভিন্ন প্ৰতিষ্ঠানে এই শিক্ষা মেলাত অংশগ্ৰহণ কৰে।সমগ্ৰ শিক্ষা মেলাখন পৰিচালনা কৰে ইমপেক্ট মিডিয়াৰ সঞ্চালক বৈষ্ণৱ কোঁচ আৰু মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেচমেণ্ট চেলৰ সমন্বয়ক ড০ বিভা দত্তৰ লগতে অধ্যাপক পংকজ লোচন দাস আৰু অধ্যাপিকা জ্যোতিষ্মীতা বৰাই। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও মহাবিদ্যালয়ৰ বাহিৰৰ বহু ছাত্ৰ-ছাত্ৰীয়েও আজি সন্ধিয়া ৬ বজালৈকে খোলা থকা শিক্ষা মেলাত ত অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.