লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ

শিক্ষা -বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ সিং, শিক্ষামন্ত্ৰী ৰণোজ পেগু, শিক্ষা পৰিষদৰ অধ্যক্ষসহ অৰণ্য মানৱ যাদৱ পায়েঙৰ অংশ গ্ৰহণ

0 128

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু মন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে হোৱা আলোচনা চক্ৰৰে শুভাৰম্ভ হয়। আজিৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব লগিয়া কাৰ্য্যসূচীৰ প্ৰথম দিনটোৰ আৰম্ভণিতে সোণালী জয়ন্তী উদযাপনৰ মূল তোৰণ উদ্বোধন কৰে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচায্য ড০ কিৰণ হাজৰিকাই। ইয়াৰ পিছতে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড০ মুকুন্দ ৰাজবংশীয়ে মূল পতাকাৰ লগতে পঞ্চাশজন বিশিষ্ট ব্যক্তিয়ে পঞ্চাশখন পতাকা উত্তোলন কৰি মহাবিদ্যালয়খনৰ পঞ্চাশ বছৰ সম্পূৰ্ণ কৰা দিৱসৰ আৰম্ভণি কৰে। পতাকা উত্তোলন কৰা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে কেন্দ্ৰীয় শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° ৰাজকুমাৰ ৰাজেন্দ্ৰ সিং, শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু, পদ্মশ্ৰী যাদৱ পায়েং, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰী, প্ৰাক্তন অধ্যক্ষ ড° হেমন্ত কুমাৰ বৰুৱা, ড° মুকুট চন্দ্ৰ বৰুৱা, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী ডীন ড° উমা তামুলী, উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° বিমান চেতিয়া, এল টি কে মহাবিদ্যালয়ৰ ড° বুবুল শইকীয়া, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ড° সুৰজিত ভূঞা , লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ড° গোলাপ শৰ্মা বৰুৱা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি ৰাজ কুমাৰ চাৰাফ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকা। ইয়াৰ পিছতে উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীৰ নেতৃত্বত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ আৰম্ভণিৰে পৰাই অৰিহণা যোগোৱা সকলো ব্যক্তিকে সেই উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ দিৱসত নতুন শিক্ষা নীতিৰ আলোকত উচ্চ শিক্ষাৰ ওপৰত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে  শিক্ষামন্ত্ৰী তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক ডাঃ ৰনোজ পেগুৱে । ড° মুকুন্দ ৰাজবংশীৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনা চক্ৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী ড° ৰাজকুমাৰ ৰাজেন্দ্ৰ সিং, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, পদ্মশ্ৰী যাদৱ পায়েং, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ কুমাৰ বৰুৱা, অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নৰেন্দ্ৰ এছ, চৌধুৰী, ইগনৌ-নতুন দিল্লীৰ প্ৰ’ উপাচাৰ্য ড° কিৰণ হাজৰিকা, সৰ্বভাৰতীয় অধ্যক্ষ পৰিষদৰ সভাপতি ড° সঞ্জয় ৱাকিল, অসম ৰাজ্যিক অধ্যক্ষ পৰিষদৰ সম্পাদক ড° ৰঞ্জন কলিতা, অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক ড° জয়ন্ত বৰুৱা আৰু মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অনিল শইকীয়া। অনুষ্ঠানতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ দিৱসৰ স্মৃতিগ্ৰন্থ “স্বৰ্ণজ্যোতি” উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই। ইয়াৰ পিছতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লি উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু এন ই পি-২০২০ বিষয়ক আন এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। সৰ্বভাৰতীয় অধ্যক্ষ পৰিষদৰ সভাপতি ড০ সঞ্জয় ৱাকিলে সভাপতিত্ব কৰে আলোচনা চক্ৰত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সাংস্কৃতিক সন্ধিয়াৰে।

মন্তব্য দিয়ক

Your email address will not be published.