লখিমপুৰ মহাবিদ্যালয়ৰ  ৭০ বছৰীয়া চমু ইতিহাস উন্মোচন

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত) ৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামৰ শেহতীয়া গ্ৰন্থ “নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস” নামৰ গ্ৰন্থখন আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। আজি মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামে অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে তেখেতৰ শেহতীয়া গ্ৰন্থ “নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস” উন্মোচন কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰবীণ শিক্ষাবিদ ড° মুকুন্দ ৰাজবংশীয়ে। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত তেখেতে ইতিহাস অধ্যয়নৰ গুৰুত্ব ব্যাখ্যা কৰি গ্ৰন্থখন গৱেষণাৰ সমল সমৃদ্ধ গ্ৰন্থ বুলি উল্লেখ কৰি ভৱিষ্যতে গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিব বুলি উল্লেখ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে অধ্যাপিকা ড° বৰ্ণালী বৰাই। উল্লেখ্য যে ১৯৮২ চনৰ ১ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰা হজৰাম পাৱেগামক আজি মহাবিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক, কৰ্মচাৰী, গ্ৰন্থাগাৰ কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিদায়ী কৰ্মচাৰী গৰাকীক অঙ্গবস্ত্ৰ, কিতাপৰ টোপোলা আদি বিভিন্ন উপহাৰ সামগ্ৰীৰে বিপুলভাৱে সম্ভাষণ জনোৱাৰ লগতে বহুকেইগৰাকী শিক্ষক কৰ্মচাৰীয়ে ব্যক্তিগত ভাৱেও সম্বৰ্দ্ধনা জনায়। আজিৰ গ্ৰন্থ উন্মোচন আৰু বিদায় সভাত মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ বাণী কোঁৱৰ, কৰ্মচাৰী গোটৰ সভাপতি নৱজ্যোতি বৰা, গ্ৰন্থাগাৰিক নিজৰ গগৈয়ে তেখেতৰ উমাল সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি অশ্ৰুসিক্ত নয়নেৰ সম্ভাষণ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.