শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : অলিম্পিকত পদক জয়েৰে অসমীয়াক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে IBA বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা জয়যাত্ৰা আৰম্ভ কৰিছে। ৯ মে’ৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনাই পৰাভূত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী বক্সাৰ চেন নিয়েন চিনক। তুৰস্কৰ ইষ্টানবুলত আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ ৭০ কিলোগ্ৰাম শাখাত লাভলীনাই অংশগ্ৰহণ কৰি অভিজ্ঞ বক্সাৰগৰাকীক ৩-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ইতিপূৰ্বে টকিঅ’ অলিম্পিকতো লাভলীনাই চেন নিয়েন চিনক পৰাভূত কৰিছিল। লাভলীনাই এই জয়েৰে ‘ৰাউণ্ড অব ছিক্সটিন’ত প্ৰৱেশ কৰিছে। ভাৰতৰ মুঠ ১২গৰাকী মহিলা বক্সাৰে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত আন এগৰাকী অসম কন্যা অংকুশিতা বড়োৱেও বাই পাই পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান সুনিশ্চিত কৰিছে।