শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জানুৱাৰীঃ এইবাৰ শদিয়াত ইন্ধনৰ বৃহৎ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে যুটীয়াকৈ চলোৱা অনুসন্ধানে। অইল, অ’এন জি চি আৰু বি আৰ পি এলে যুটীয়াকৈ চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে। অইলৰ এক সূত্ৰই সদৰী কৰা মতে শদিয়াৰ পহুখোৱা নামৰ ঠাইত চলোৱা অনুসন্ধানত ভূ পৃষ্ঠৰ পৰা ৫৮৯০ মিটাৰ গভীৰতাত তেল আৰু প্ৰাকৃতিক গেছৰ এক বিশাল ভাণ্ডাৰ থকাৰ সন্ধান পোৱা গৈছে। অনুসন্ধান অব্যাহত আছে বাবে এই ভাণ্ডাৰৰ আয়তন কিমান বিশাল সেয়া অদ্যপি নিশ্চিত হোৱা নাই।
