শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৮ মে’ শাৰীৰিক প্ৰতিবন্ধকতা আৰু আৰ্থিক দীনতা যে কেতিয়াও কোনো কাৰণতে উন্নতি বা সৃষ্টিশীলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা আজি পুনৰ প্ৰতিপন্ন কৰিলে তেজপুৰৰ এখন বিদ্যালয়ৰ এগৰাকী সদ্য প্ৰাক্তন দিব্যাংগ তথা আৰ্থিক ভাৱে তেনেই শোচনীয় অৱস্থাৰ ছাত্ৰীয়ে। কাৰণ সেই প্ৰাক্তন ছাত্ৰী গৰাকীৰ এখন গ্ৰন্থ আজি নিজে পঢ়া বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ সন্মুখত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰি দেখুৱালে দৃষ্টান্ত। উল্লেখ্য যে হুইলচেয়াৰত জীৱন অতিবাহিত কৰি তেজপুৰৰ মহাভৈৰৱ বজাৰত এখন পাণ তামোলৰ দোকান দি পৰিয়ালৰ ভৰণ পোষণ দি অহা তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সীমা ঠাকুৰে সংগ্ৰামপূৰ্ণ জীৱনৰ মাজতো নিজৰ জীৱনৰ আত্মকথাৰে লিখি উলিওৱা “অনুস্মৃতি” শীৰ্ষক গ্ৰন্থ এখন তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, উত্তৰ অসম দিব্যাংগ সন্হাৰ মুখ্য সম্পাদক মৃদুল কুমাৰ বৰা, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহিয়া আৰু বিশিষ্ট উপস্থিতিত আজি উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা তেজপুৰ হিন্দী সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতি ড০ অনন্ত নাথে।
ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহিয়াৰ পৌৰোহিত্যত সহকাৰী শিক্ষক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উন্মোচনী ভাষণ প্ৰদান কৰি ড০ অনন্ত নাথে সকলো লেখাতকৈ আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰা অতি কঠিন কাম বুলি মন্তব্য কৰি আত্মজীৱনীমূলক লেখাৰ বিভিন্ন দিশ আলোকপাত কৰি সীমা ঠাকুৰৰ মনোবলে হাজাৰ গৰাকী শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰি বিদ্যালয় কৰ্তৃপক্ষৰ এনে প্ৰয়াসৰ শলাগ লয়। ভাষণ প্ৰসংগত ড০ নাথে আনভাৱে সক্ষম সীমা ঠাকুৰক জীৱনত আগুৱাই যোৱাৰ বাবে এনে সৃষ্টিশীল কামত জড়িত হৈ থাকিবলৈ আশীৰ্বাদ প্ৰদান কৰে। ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাই আদৰণী ভাষণ দাঙি ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক জ্ঞানেশ্বৰ শৰ্মাই সীমা ঠাকুৰৰ জীৱন পৰিচিতি আৰু সংগ্ৰামপূৰ্ণ জীৱনৰ বিষয়ে শিক্ষাৰ্থী সকলক অৱগত কৰা অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি আগন্তুক সময়ত সীমাৰ পৰিয়ালৰ আৰ্থিক সমস্যা সমাধানৰ বাবে চৰকাৰক অৱগত কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে সীমাৰ সৰু দোকানখন উন্নত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিধায়ক গৰাকীয়ে বিদ্যালয়খনৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক সীমাৰ গ্ৰন্থখন পঢ়িবলৈ আহ্বান জনোৱাৰ লগতে অনুষ্ঠানৰ মাজতে ১০ খন গ্ৰন্থ ক্ৰয় কৰি বিদ্যালয়খনৰ পুথিভঁৰালৰ বাবে প্ৰধান শিক্ষকৰ হাতত অৰ্পণ কৰে। একেদৰে অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মায়ো সীমা ঠাকুৰক শুভ কামনা জনাই ভাষণ প্ৰসংগত উপস্থিত সকলো শিক্ষাৰ্থীকে নিজ মনোবল অটুট ৰাখি সকলো সৃষ্টিশীল ভাল কামত সীমা ঠাকুৰৰ দৰে মনোনিবেশ কৰিবলৈ আহ্বান জনায়। আনহাতে বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমে সীমাৰ সৈতে থকা আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰি সীমাৰ সংবেদনশীল মনটোৱে প্ৰতি মুহূৰ্ততে আৰ্তজনৰ কল্যাণৰ বাবে হাহাকাৰ কৰি থকাৰ উমান দিয়ে বুলি মন্তব্য কৰি এনে এগৰাকী প্ৰাক্তন ছাত্ৰীক উদ্বুদ্ধ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী সকলক সন্মুখত লৈ আয়োজন কৰা এই অনুষ্ঠান আন হাজাৰ অনুষ্ঠানতকৈ মহৎ অনুষ্ঠান বুলি বিদ্যালয় কৰ্তৃপক্ষক শলাগ জ্ঞাপন কৰে। উত্তৰ অসম দিব্যাংগ সন্হাৰ মুখ্য সম্পাদক মৃদুল কুমাৰ বৰা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আদিয়েও সীমা ঠাকুৰৰ প্ৰতি আশীৰ্বাদসূচক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই শাৰীৰিক ভাৱে অক্ষম হ’লেও কোনো লোক যদি মানসিক ভাৱে শক্তিশালী হয় তেতিয়া যিকোনো সৃষ্টিশীল কামত সফলতা অৰ্জন কৰিব পাৰে আৰু তাৰেই উদাহৰণ সীমা ঠাকুৰ বুলি মন্তব্য কৰি সীমাৰ এই সৃষ্টিশীল যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, সমাজকৰ্মী মণিমালা শইকীয়া, দুলুমণি বৰা, বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক হিৰণ্য কুমাৰ দাস, সকলো শিক্ষক – শিক্ষয়িত্ৰী উপস্থিত থকা উন্মোচনী অনুষ্ঠানতেই সীমাৰ গ্ৰন্থখন প্ৰায় সকলো লোকে ক্ৰয় কৰি সীমাক অনুপ্ৰাণিত কৰাৰ মুহূৰ্তত অতি সংবেদনশীল মনৰ লেখিকা সীমাই সাংবাদিকৰ আগত নিজৰ সপোনৰ কথা আৰু দৃঢ় মনোবলৰ বিষয়ে সদৰী কৰি শাৰীৰিক অক্ষমতাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত সৰুতেই সন্মুখীন হোৱা সমস্যাসমূহে কেনেদৰে মনোবল দৃঢ় কৰি তুলিছিল তাৰ সবিশেষ অৱগত কৰে।
পূৰ্বৱৰ্তী লেখা
মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত আনন তাঁতীৰ পলাতক পুত্ৰৰ আত্মসমৰ্পণ
পৰৱৰ্তী লেখা