শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ফেব্ৰুৱাৰীঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা আৰ্থিক ভাৱে অতি দুৰ্বল তথা পিতৃ-মাতৃহীন ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গৰম কাপোৰ বিতৰণ কৰা কাৰ্য্যসূচী সফল ভাবে সমাপ্ত কৰা হয়। সামাজিক মাধ্যমক একমাত্ৰ আহিলা হিচাপে লৈ সৃষ্টি কৰা শিশু আৰু শিক্ষাৰ লগত জৰিত charity foundation শিক্ষাৰ সাৰথিৰ প্ৰতিস্থাপক দিপেশ কুমাৰ দাসে জনোৱা মতে এমাহ জোৰা এই কাৰ্য্যসূচীৰ জৰিয়তে লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰীসহ মুঠ ২৩খন বিদ্যালয়ৰ ১৩১ জন শিশুক একোটাকৈ গৰম চোলা যোগান ধৰা হয়। বিদ্যালয়সমূহ ক্ৰমে লীলা কৃষ্ণ নাহৰবাৰী মধ্য ইংৰাজী বিদ্যালয়, ন-আলি মাজগাঁও প্ৰাথমিক বিদ্যালয়, দীৰ্ঘা লালপানী প্ৰাথমিক বিদ্যালয়, ২ নং ৰাওনাপুৰ প্ৰাথমিক বিদ্যালয়, ঘাগৰমুখ মধ্য ইংৰাজী বিদ্যালয়, ৫৫নং গৰুমূৰীয়া প্ৰাথমিক বিদ্যালয়, দিজু চাপৰি প্ৰাথমিক বিদ্যালয়, অনন্তপুৰ প্ৰাথমিক বিদ্যালয়, ২০২ নং খৃষ্টান বস্তি প্ৰাথমিক বিদ্যালয়, দীপা মধ্য ইংৰাজী বিদ্যালয়, সোৱণশিৰি সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়, ১৬২ নং কঁঠাল গুৰি প্ৰাথমিক বিদ্যালয়, কঁঠাল গুৰি মাধ্যমিক বিদ্যালয়, সোৱণশিৰি চাৰিআলি প্ৰাথমিক বিদ্যালয়, শান্তিপুৰ প্ৰাথমিক বিদ্যালয়, নৰাগাঁও প্ৰাথমিক বিদ্যালয়, বামুণ দলনি মধ্য ইংৰাজী বিদ্যালয়, ৬৮ নং শেনচোৱা প্ৰাথমিক বিদ্যালয়, ঘাগৰ মুখ প্ৰাথমিক বিদ্যালয়, ৰাওনাপুৰ গোহাঁইচুক প্ৰাথমিক বিদ্যালয়, কদম গোঁহাই লাইমেকুৰী প্ৰাথমিক বিদ্যালয়। উল্লেখনীয় যে ফেচবুক হোৱাটছ এপৰ দ্বাৰা প্ৰচাৰ কৰি বিদ্যালয় সমূহৰ চি আৰ চি চি আৰু প্ৰধান শিক্ষকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ নাম সমূহ সংগ্ৰহ কৰি গৰম চোলা সমূহ বিতৰণ কৰা হয়। সামাজিক মাধ্যম যোগে আহ্বান জনোৱাৰ লগে লগে গৰম চোলা সমূহ যোগান ধৰাত সহায় কৰিবলৈ আগ বাঢ়ি অহা লখিমপুৰ, তেজপুৰ, অৰুণাচল প্ৰদেশত কৰ্মৰত বিভিন্ন ব্যক্তি ক্ৰমে লখিমপুৰ কোষাগাৰৰ কৰ্মচাৰী আশা বৰুৱা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গাণনিক দীপক বৰবৰা, ব্যৱসায়ী মুনিদ্ৰ দত্ত,দেৱজিত দে, বনশ্ৰী হাজৰিকা, বিমল দেৱনাথ, অভয় নন্দী, অমৃত চক্ৰৱৰ্তী ৰিজৱান আলি হাজৰিকা শিক্ষা বিভাগৰ লগত জৰিত চায়েদা তাসনিম, সুৰজ কুমাৰ দত্ত, সুব্ৰত বৰুৱা, বিশ্বজিৎ গগৈ, চকু চিকিৎসক ৰীভা দাস, কানাৰা বেংক তেজপুৰ শাখাৰ সহকাৰী পৰিচালক ৰাজীৱ বিশ্বাস, এক্সিচ বেংক ইটানগৰ শাখাৰ জ্যেষ্ঠ পৰিচালক পাৰ্থজিত নাথ সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে শিক্ষাৰ সাৰথিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীয়ে। লগতে সামাজিক মাধ্যমক সবল মঞ্চ হিচাপে লৈ শিক্ষাৰ সাৰথিৰ দ্বাৰা পিছপৰা শ্ৰেণীৰ শিশুসকলৰ বাবে যি সহায়ৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল তাত আজি গোটেই জিলাখনৰ সজাগ আৰু সচেতন ৰাইজে সহযোগ আগবঢ়াইছে।