শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে’: শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰ বৰুৱাচুকৰ চাহ দুমানী ৰহমানৰ যোৱা ১ মে তাৰিখে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ত কৰ্মৰত অৱস্থাত মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ৰহমান কাশ্মীৰৰ বাৰামুল্লাত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কালি অৰ্থাৎ ঈদৰ দিনা সীমান্ত সুৰক্ষা বাহিনীয়ে সম্পূৰ্ণ সামৰিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াৰ লগতে স্থানীয় কোঁৱৰপুৰ কৱৰস্থানত ৰাষ্ট্ৰীয় পতাকা সহিত সামৰিক মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰে। মৃত্যুৰ সময়ত ৰহমানে মাতৃ-পত্নী সহিত তিনি সন্তানক এৰি থৈ গৈছে।