‘শিৱ-হৰি’ৰ শিৱ আৰু নাই মৰ্ত্য ধামত

সংগীত জগতত শোকৰ ছাঁ

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : বিখ্যাত সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শর্মাৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। বিখ্যাত শিল্পীজনাৰ প্রয়াণত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। টুইট কৰি শোক প্রকাশ কৰিছে দেশৰ প্রধান মন্ত্রী নৰেন্দ্র মোদীয়েও। পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে, পণ্ডিত শিৱ কুমাৰ শর্মা যোৱা ছমাহ ধৰি কিডনি সংক্রান্তীয় সমস্যাত ভুগিছিল। ডায়েলিচিছ কৰি তেওঁক জীয়াই ৰখা হৈছিল যদিও আজি পুৱা হৃদৰোগত আক্রান্ত হৈ তেওঁৰ মৃত্যু ঘটে।

* জনপ্ৰিয় কৰিছিল সন্তুৰ
কাশ্মীৰৰ বাদ্যযন্ত্র সন্তুৰ উপত্যকাৰ বাহিৰত বৰ বেছি পৰিচিত নাছিল। এই বাদ্যযন্ত্রটিক গোটেই দেশতে জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত বৃহৎ ভূমিকা লৈছিল পণ্ডিত শিৱ কুমাৰ শর্মাই। ফলত চেতাৰ, সৰোদৰ দৰেই জনপ্রিয় হৈ উঠে সন্তুৰ। অনেক এই বাদ্যযন্ত্রটিৰ প্রতি আকৃষ্ট হৈ উঠে।

* সংগীত পৰিচালনা
সন্তুৰ বাদনৰ উপৰি পণ্ডিত হৰি প্রসাদ চৌৰাচিয়াৰ লগত যুটি বান্ধি ‘শিব-হৰি’ নামেৰে বিভিন্ন ছবিৰ সঙ্গীত পৰিচালনাও কৰিছিল পণ্ডিত শিৱ কুমাৰ শর্মাই। এই যুটিৰ সংগীত পৰিচালনাত জনপ্ৰিয় হৈ উঠা উল্লেখযোগ্য কথাছবিবোৰৰ ভিতৰত ‘চিলচিলা’, ‘লমহে’, ‘চান্দিনী’ আদিৰ নাম ল’ব পাৰি।

* পিতৃৰ পৰা শিকিছিল সংগীতৰ আদিপাঠ
পণ্ডিত শিৱ কুমাৰ শর্মাৰ ১৯৩৮ চনৰ ১৩ জানুৱাৰীত জম্মুৰ এটা সম্ভ্রান্ত সঙ্গীতজ্ঞ পৰিয়ালত জন্ম হয়। তেওঁৰ পিতৃ উমা দত্ত শর্মা আছিল এজন প্রথিতযশা সংগীতশিল্পী। পাঁচ বছৰ বয়সৰ পৰাই পণ্ডিত শিৱ কুমাৰ শর্মাই তেওঁৰ পিতৃৰ ওচৰত সঙ্গীত আৰু তবলাৰ প্রশিক্ষণ লোৱা আৰম্ভ কৰে। উমা দত্ত শর্মাই সন্তুৰৰ বিষয়ে বহুখিনি গৱেষণা কৰিছিল আৰু সিদ্ধান্ত লয় যে, তেওঁৰ পুত্ৰক তেওঁ ভাৰতীয় শাস্ত্রীয় সঙ্গীতৰ সন্তুৰবাদক হিচাবে গঢ়ি তুলিব। এই ভাবনাৰেই পণ্ডিত শিৱ কুমাৰ শর্মাক ১৩ বছৰ বয়সৰ পৰাই সন্তুৰৰ প্রশিক্ষণ দিয়া আৰম্ভ কৰে তেওঁৰ পিতৃয়ে। ১৯৫৫ চনত সেই সময়ৰ বম্বেত পণ্ডিত শিৱ কুমাৰ শর্মাই জীৱনত প্রথমবাৰৰ বাবে জনসভাৰ সমুখত সন্তুৰ বজায়। ইয়াৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চাবলগীয়া নহ’ল। দেশৰ সীমা চেৰাই বিদেশতো বিয়পি পৰে তেওঁৰ খ্যাতি। সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল সংগীত নাটক অকাডেমী বঁটা। দেশৰ অসামৰিক সন্মান পদ্মশ্ৰী আৰু পদ্ম বিভূষণেৰেও তেওঁক সন্মানিত কৰা হৈছিল। এইবোৰ সন্মানৰ উপৰি তেওঁ সংগীতৰ ক্ষেত্ৰত লাভ কৰিছিল বিভিন্ন বঁটা।

মন্তব্য দিয়ক

Your email address will not be published.