শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ‘ অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়। ১০০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ পৰা অহা ছেনছেই শৈলেন শৰ্মা, ছেনছেই তিথাংকৰ বৈশ্য আৰু নিৰীক্ষক হিচাপে উপস্থিত থাকে লক্ষীমপুৰ জিলাৰ ছেনছেই ৰাজকমল বৰা। শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সন্মানীয় সভাপতি জিতেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিত শোণিতপুৰ জিলা কাৰাটে সন্হাৰ কাৰ্যকৰী সভাপতি প্ৰবোধ ডেকা, বিহগুৰি মিনি ষ্টেডিয়ামৰ সভাপতি দিলিপ বৰা, বিশিষ্ট সমাজকৰ্মী প্ৰমোদ বড়া, ছেনছেই হৰেন নাথৰ লগতে কাৰাটে সন্হাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। এই শিবিৰৰ পৰা নিবাৰ্চিত প্ৰশিক্ষাৰ্থী সকলে আগন্তুক ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ শিবিৰত বিনামূলীয়াকৈ অংশগ্রহণ কৰিব পাৰিব। প্ৰশিক্ষকদ্বয় ছেনছেই শৈলেন শৰ্মা, ছেনছেই তিথাংকৰ বৈশ্য আৰু নিৰীক্ষক ৰাজকমল বৰাৰ লগতে সমুহ প্ৰশিক্ষাৰ্থীলৈ শোণিতপুৰ জিলা কাৰাটে সন্হাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।