শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে ?

জানো আহক কোনবোৰ খাদ্য খালে জব্দ হ'ব ৰোগ

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুন : কলেষ্টৰেলৰ সমস্যা এতিয়া প্রায় ঘৰে ঘৰে। ট্রু কলেষ্টৰেল, ট্রাইগ্লিচাৰাইড, এইচডিএল, এলডিএল— এই চাৰিটা মিলিয়েই মূলতঃ তৈয়াৰ হয় কলেষ্টৰেল পৰিয়াল। অনেকৰ ধাৰণা চর্বিজাতীয় খাদ্য বেছিকৈ খালেই কলেষ্টৰেলৰ মাত্রা বাঢ়ি যায়। সকলো ক্ষেত্রতে এই ধাৰণা সঠিক নহয়। আচলতে কলেষ্টৰেলৰ মাত্রা বাঢ়িবনে নাই, সেয়া নির্ভৰ কৰে প্রত্যেকেৰ শৰীৰৰ বিপাক হাৰৰ ওপৰত। কাৰোবাৰ যদি ডায়েবেটিচ থাকে, তেতিয়াহলে কলেষ্টৰেলৰ মাত্রা বাঢ়ি যোৱাৰ আশঙ্কা থাকে। কলেষ্টৰেলৰ মাত্রা বাঢ়িলে সেইবোৰ ৰক্তবাহকৰ মাজত সঞ্চিত হয়। ৰক্তবাহক সৰু আৰু ঠেক কৰি পেলায়। ফলত তেজ চলাচলত ব্যাঘাত ঘটে। ফলত ৰক্তচাপ বাঢ়ে আৰু তাৰ লগে লগে হৃদ্‌ৰোগত আক্রান্ত হোৱাৰ আশঙ্কাও বাঢ়ি যায়। কলেষ্টৰেলৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ চর্বিজাতীয় খাদ্য, চিপ্‌চ, ভূজিয়া, শর্কৰাযুক্ত পানীয় এৰি চলাৰ উপৰি দৈনিক খাদ্য তালিকাত ৰাখিব লাগিব বেছ কিছু খাদ্য, যি আপোনাক সুস্থ থাকিবলৈ সহায় কৰিব। জানেনে সেইবোৰ কি কি?

* ওট্‌চ
কলেষ্টৰেলৰ সমস্যা থাকিলে দৈনিক ডায়েটত ওট্‌চ ৰাখিবই পাৰে। ইয়াত ভৰপুৰ মাত্রাত দ্রৱণীয় ফাইবাৰ আছে। বিভিন্ন গৱেষণাত দেখা গৈছে যে, এই ‘চলিউবল ফাইবাৰ’ খালে শৰীৰৰ পৰা বেয়া কলেষ্টৰেল বাহিৰ হৈ যায়।

* কমলাটেঙা
কমলাটেঙাত আছে ভাল মাত্রাত ভিটামিন চি। এই ভিটামিনে শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্রা কমাবলৈ সহায় কৰে। তদুপৰি কমলাটেঙাত আছে ভাল পৰিমাণৰ দ্রৱণীয় ফাইবাৰ। এই প্রকাৰৰ ফাইবাৰে কলেষ্টৰেল কমায়।

* আপেল
কলেষ্টৰেল বা হৃদ্‌যন্ত্রৰ কোনো সমস্যা থাকিলে চিকিৎসকসকলে ৰোগীক আপেল খোৱাৰ পৰামর্শ দিয়ে। আপেলে হৃদ্‌যন্ত্র ভালে ৰখাৰ উপৰি কলেষ্টৰেলো নিয়ন্ত্রণত ৰাখে।

* মাছ
মাছত আছে অমেগা থ্রী ফেটি এচিড। এই ফেটি এচিড তেজত কলেষ্টৰেলৰ মাত্ৰা কমাবলৈ বেছ উপকাৰী। এই ক্ষেত্রত সামুদ্রিক মাছত অমেগা থ্রী ফেটি এচিডৰ পৰিমাণ বেছিকৈ থাকে। সেয়ে দৈনিক খাদ্য তালিকাত মাছ ৰাখিবই লাগে।

* ৰাজমাহ
বিন আৰু ৰাজমাহজাতীয় খাদ্যত ফাইবাৰৰ পৰিমাণ খুব বেছিকৈ থাকে। ফাইবাৰ কলেষ্টৰেলৰ মাত্রা কমোৱাত বেছ উপকাৰী। সেয়ে কলেষ্টৰেলৰ মাত্রা নিয়ন্ত্রণত ৰাখিব বিচাৰিলে ডায়েটত ৰাখিবই লাগে ৰাজমাহ।

মন্তব্য দিয়ক

Your email address will not be published.