সত্ৰীয়া একাডেমী যোৰহাটৰ সমাৱৰ্তনৰ আয়োজন

0 34

শতাব্দ প্ৰতিনিধি, যোৰহাট,১৩ মে : সত্ৰীয়া সঙ্গীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰমেৰে গঠিত আৰু অসমৰ সত্ৰীয়া সংগীতৰ শিক্ষানুষ্ঠান সমূহৰ অন্যতম পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী, যোৰহাটৰ সমাৱৰ্তন ২১ মেত দিনজোৰা কাৰ্যসূচীৰে জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। পুৱা আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰিব একাডেমীৰ সভাপতি সঙ্গীতৰত্ন পদ্মশ্ৰী যতীন গোস্বামীয়ে। সমাৱৰ্তনৰ মূল বক্তৃতা প্ৰদান কৰিব বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। অনুষ্ঠান ভাগি উদ্বোধন কৰিব মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মূখাশিল্পী তথা সংগীত নাটক অকাডেমি বঁটা প্ৰাপক ড° হেমচন্দ্ৰ গোস্বামীয়ে। এইবাৰৰ সমাৱৰ্তনত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩০৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মান পত্ৰ লাভ কৰিব। সত্ৰীয়া একাডেমীৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ বিভিন্ন স্থানৰ অনুষ্ঠান সমূহক থকা খোৱাৰ ব্যৱস্থা কৰাৰ লগতে একোটিকৈ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়া হব।বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব নেচনেল ইনষ্টিটিউট অফ ডিজাইন(NID) অসমৰ সঞ্চালক ড° ভি ৰবিশংকৰে। অনুষ্ঠানসমূহ কেছেট বা পূৰ্বে বাণীবদ্ধৰ পৰিবৰ্তে থলিতে প্ৰদৰ্শন (Live perfomence ) হ’ব লাগিব। প্ৰয়োজনত বাদ্যযন্ত্ৰ যোগান ধৰা হ’ব (আগতীয়াকৈ যোগাযোগ কৰিব) কিন্তু সংগতকাৰী নিজে আনিব লাগিব বুলি একাডেমীৰ সঞ্চালক (অবৈতনিক) শাৰংগপাণি বৰদলৈয়ে জানিবলৈ দিছে। সেই দিনাই পুৱা ৯ বজাৰ পৰা মানপত্ৰ লাভ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ তথ্য পৰীক্ষা কৰাৰ লগতে নাম পঞ্জীয়ন কৰা হ’ব। অনুষ্ঠানত স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান সমূহৰ উপৰিও কলাপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.