সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত লখিমপুৰৰ মইনা দেৱাৰ্থ-দিক্ষীতাৰ সাফল্য

0 133

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ৭ ডিচেম্বৰঃ সদৌ অসম মইনা পাৰিজাতে অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত কৰা ‘ৰাজ্যিক বিজ্ঞান মেলত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ক্ৰমে দেৱাৰ্থ বৰা [পঞ্চম] আৰু দিক্ষীতা বৰাই [পঞ্চম] ২০২২ বৰ্ষৰ দহটা শ্ৰেষ্ঠ প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি ‘সম্পদ শিশু বিজ্ঞানী’ৰ খ্যাতি অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ তেওঁলোকে ‘পৰিৱেশ আৰু আমাৰ কৰণীয়’ৰ ওপৰত কলিতা গাঁৱত অৱস্থিত স্বৰ্গদেও ৰুদ্ৰসিংহৰ ৰাজত্বকালত খন্দোৱা ঐতিহাসিক দোপনি থকা বাটিয়াবটা পুখুৰীৰ জৈৱ-বৈচিত্ৰ্য্য সংৰক্ষণ তথা অন্য পুখুৰীৰ লগত তুলনামূলক অধ্যয়নৰ বিষয়টি আৰ্হি প্ৰস্তুত কৰি অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰে৷ দুই মইনাৰ সাফল্যত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ সমূহ শিশুবিজ্ঞানীয়ে আনন্দ প্ৰকাশ কৰিছে৷ উক্ত বিজ্ঞানৰ প্ৰকল্পৰ আৰ্হিৰ মুখ্য তত্ত্বাৱধায়কৰ দায়িত্ববাহী দ্বিজেন বৰা আৰু জিলা সমন্বয়ক তীৰ্থৰঞ্জন শৰ্মাক উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ হৈ কৃতজ্ঞতা জনাইছে জিলা সভাপতি বিতু কুমাৰ গোস্বামী আৰু সম্পাদক পূৰ্ণানন্দ দাসে৷

মন্তব্য দিয়ক

Your email address will not be published.