“সপ্তাশ্ব” ৰ উদ্যোগত তেজপুৰত সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা

অসমীয়া ক্লাবৰ উদ্যোগত পাঁচদিনীয়া কবিতা আবৃত্তি কৰ্মশালাৰ শুভাৰম্ভ

0 36

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ৩ জুলাই : তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান “সপ্তাশ্ব”ৰ উদ্যোগত আজিৰে পৰা সাতদিনীয়াকৈ তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত মাজুলীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পীৰ দ্বাৰা অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্যৰ এক বিশেষ কৰ্মশালা। সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী আৰু মাজুলীৰ মধ্য কমলাবাৰী সত্ৰৰ সত্ৰীয়া শিল্পী পাপুল শইকীয়া প্ৰশিক্ষক হিচাবে থাকিব লগা এই সাতদিনীয়া কৰ্মশালা আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায় আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই ।ইয়াৰ পিছতেই সপ্তাশ্বৰ সদস্যা ঈৰাণী মহন্তই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত ৰমেশ চন্দ্ৰ কলিতাই সত্ৰীয়া নৃত্যৰ শৈলী আৰু নৃত্যৰ ভংগীমাৰ ওপৰত ভাষণ প্ৰদান কৰি উঠি অহা প্ৰজন্মই এই বিশেষ শাস্ত্ৰীয় নৃত্য শুদ্ধ শৈলীৰে শিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আজি অসম বা ভাৰত বৰ্ষতে নহয় সমগ্ৰ বিশ্বতে সত্ৰীয়া নৃত্য বন্দিত হৈছে বুলি মন্তব্য কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি এই নৃত্য অসমীয়া জাতিৰ স্বাভিমান বুলি মন্তব্য কৰে। আনহাতে সপ্তাশ্বই ২০১১ বৰ্ষৰ পৰাই এই সত্ৰীয়া নৃত্যৰ লগতে দেশৰ বিভিন্ন শাস্ত্ৰীয় নৃত্যৰে উঠি অহা প্ৰজন্মক পাৰদৰ্শী কৰি তোলাৰ ক্ষেত্ৰত যি তৎপৰতা গ্ৰহণ কৰি আহিছে সেয়া অতি আদৰণীয় বুলিও কয়। জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাই সত্ৰীয়া নৃত্যৰ মহত্ব আৰু ইয়াৰ শৈলীক অনুধাৱন কৰিব পৰা লোক সকলৰ জীৱন শৈলীও অনুপম হয় বুলি মন্তব্য কৰি সপ্তাশ্বৰ এনে প্ৰয়াসৰ শলাগ লয়। প্ৰশিক্ষক মাজুলীৰ মধ্য কমলাবাৰী সত্ৰৰ সত্ৰীয়া শিল্পী পাপুল শইকীয়াই সত্ৰীয়া নৃত্যই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জৰিয়তে শাস্ত্ৰীয় স্বীকৃতি লাভ কৰাৰ দিনটোৰ পৰাই সমগ্ৰ দেশৰ লগতে বিশ্ব বাসীকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি নৃত্যৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা এটি গীতো পৰিৱেশন কৰি প্ৰশিক্ষাৰ্থী আৰু উপস্থিত ৰাইজক আপ্লুত কৰে।আনহাতে “সপ্তাশ্ব” ৰ সম্পাদিকা ড০ প্ৰতিভা শৰ্মাই শলাগ জ্ঞাপন কৰা আৰু তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী বৰঠাকুৰেও প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যী শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা শুভাৰম্ভণি অনুষ্ঠানটিৰ পিছতেই সত্ৰীয়া শিল্পী পাপুল শইকীয়া আৰু ড০ প্ৰতিভা শৰ্মাই আজি প্ৰথম দিনটোতে কণ কণ প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.