সমন্বিত সাৱধানতাৰেও উষ্ণতা বৃদ্ধি ৰোধ কৰা সম্ভৱ

(আৰোমাৰ ৰেভিৰ প্ৰতিবেদনৰ আঁত ধৰি)

0 342

মুক্তাৰ আলী

     উৎকট গৰম। কেইদিনমান আগলৈকে তীব্ৰ বৰষুণত আমি একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছিলো। বতৰৰ এই সঘন পৰিৱৰ্তনৰ আঁৰত গোলকীয় উষ্ণতা বৃদ্ধি।বিশ্বৰ আগশাৰীৰ জলবায়ু বিজ্ঞানীসকলে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ সম্পৰ্কত সতৰ্কবাণী প্ৰদান কৰিছে। সময়ৰ খৰ সময়ত মাৰকৰ দৰে তেওঁলোকে সতৰ্ক কৰি এতিয়াই কিবা এটা কৰক নহ’লে সংকটৰ আশংকা আছে বুলি মত প্ৰকাশ কৰাৰ লগতে কি কৰিব লাগে তাৰো যুক্তিসংগত ব্যাখ্যা আগবঢ়াইছে।
জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰঃ কাৰখানা, যান-বাহন, বিদ্যুৎ উৎপাদন ইত্যাদিত বিভিন্ন জীৱাশ্ম ইন্ধন যেনে কয়লা, পেট্ৰলিয়াম আদিৰ দ্বাৰা হাইড্ৰ’কাৰ্বন দহনৰ ফলত বায়ুত Co2, Co, So2 আদি ক্ষতিকাৰক গেছ উৎপন্ন হয় । ফলত বায়ুত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি যায় আৰু বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পায়।ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰী (intergovernmental) পেনেল অন গ্ল’বেল ৱাৰ্মিং (IPCC)ৰ এক অধ্যয়ন অনুসৰি আমাৰ গ্ৰহটোৱে ১২ বছৰৰ ভিতৰত ১.৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিব পাৰে। যিটো প্ৰাক-ঔদ্যোগিক স্তৰতকৈ অধিক।ইয়াৰ ফলত বতৰৰ অস্বাভাৱিক পৰিস্থিতি যেনে-চৰম দুৰ্ভিক্ষ, অগ্নি, অবাধ বানপানীৰো সৃষ্টি হ’ব পাৰে আৰু লাখ লাখ মানুহৰ খাদ্যৰ নাটনিৰ আশংকা বৃদ্ধিও পাব পাৰে।এই উষ্ণতাৰ কবলৰ পৰা হাত সাৰিবলৈ বিশ্বই সমাজৰ প্ৰতিটো দিশতে দ্ৰুত, সুদূৰপ্ৰসাৰী আৰু অভূতপৰ্ব পৰিৱৰ্তন আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এনে পৰিৱৰ্তনত আপুনি, মই সকলোৱে হাত উজান দি সহায় কৰিব পাৰাটোৱেই হ’ব বিশ্ববাসী জীৱ,জড় আৰু প্ৰকৃতি জগতৰ বাবে মহৎ সেৱা।

     গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা মুখ্য সমন্বয়ক, লেখক আৰোমাৰ ৰেভিৰ মতে- “মানুহে সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিও বহু কাম কৰিব পাৰে।” গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰাত নাগৰিক আৰু গ্ৰাহকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে।’ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সাধাৰণ নাগৰিকে উষ্ণতা বৃদ্ধি ৰোধ কৰাত প্ৰাথমিকভাৱে এনেদৰে সহায় কৰা উচিত বুলিও প্ৰতিবেদকে আহ্বান জনাইছে।

ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰক:
ব্যক্তিগত গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে খোজকাঢ়ি কিম্বা চাইকেল চলাই অথবা ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিলে কাৰ্বন নিৰ্গমন হ্ৰাস পাব আৰু ব্যক্তিক শাৰীৰিকভাৱে সুষ্ঠ কৰি ৰখাত সহায় কৰিব।
আইপিচিচিৰ উপাধ্যক্ষ ড° ডেব্ৰা ৰবাৰ্টছ’ৰ মতে- “আমি চহৰত ফুৰিবলৈ বিকল্প উপায় বাছি ল’ব পাৰো। যদি আমাৰ ৰাজহুৱা পৰিবহণৰ সুবিধা নেথাকে তেন্তে এনেকুৱা ৰাজনীতিবিদ নিৰ্বাচন কৰা উচিত যিয়ে বিকল্প পৰিবহণৰ ব্যৱস্থা কৰিব পাৰে।” লগতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে বৈদ্যুতিক বাহন ব্যৱহাৰ কৰা, বিমানৰ পৰিৱৰ্তে ৰেল যাত্ৰাৰ পথ বাছি লোৱাটোও অতি জৰুৰী হৈ পৰিছে। ব্যৱসায় ক্ষেত্ৰত সততে ভ্ৰমণৰ পৰিৱৰ্তে ভিডিঅ’ কনফাৰেন্সিং ব্যৱহাৰ কৰি ভ্ৰমণ বাতিল কৰিব পৰা যায়

শক্তিৰ অপচয় ৰোধ কৰক

যদি কাপোৰ মেচিনত ধুব লাগে, তেন্তে মেচিনৰ টাম্বল ড্ৰয়াৰত নহয়, বাহিৰত ৰ’দত বা বতাহত লাইনত ওলোমাই থ’ব লাগে। ইয়াৰ ফলত কাপোৰ শুকোৱাৰ উপৰিও বিদ্যুৎ ৰাহি হোৱাৰ লগতে বিদ্যুতৰ বাবে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ পৰা হাত সাৰিব পাৰি।কোঠাটো ঠাণ্ডা কৰিবলৈ এ চি’ৰ উষ্ণতা ২৫ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰিব লাগে। আনহাতে ঘৰটো গৰম কৰিবলৈ হিটাৰৰ কম উষ্ণতা ব্যৱহাৰ কৰক। কেতিয়াবা বৈদ্যুতিক সঁজুলি কিনিলে সেই সঁজুলিটো শক্তি সঞ্চয়ী নেকি সেইটো বিবেচনা কৰক। (টিপচ: সঁজুলিটোত শক্তি ৰাহি কৰা তৰা, পৰিৱেশ-বন্ধুত্বপূৰ্ণ প্ৰযুক্তি বা ইনভাৰ্টাৰ থকা লেবেল বিচাৰিব)।

     আপোনাৰ কিছুমান অত্যাৱশ্যকীয় কামৰ বাবে নবীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, পানী গৰম কৰিবলৈ সৌৰ পানী গৰম কৰা যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। শীতকালত ঘৰৰ স্বাভাৱিক উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ ছাদত ঠাণ্ডা ইনচুলেটিং লেয়াৰ স্থাপন কৰক। গৰমৰ দিনতো ছাদখন ঠাণ্ডা কৰি ৰখাৰ ব্যৱস্থা কৰক। ব্যৱহাৰ নকৰা বৈদ্যুতিক সঁজুলিসমূহ আনপ্লাগ কৰক আৰু বন্ধ কৰক। এইবোৰ কথা সৰু সৰু পৰিৱৰ্তন যেন লাগিব পাৰে, কিন্তু প্ৰতিটোৱেই শক্তি ৰাহিৰ এক অতি ফলপ্ৰসূ উপায়।

 মাংস কমাওক আৰু নিৰামিষভোজী হওঁক:

ৰঙা মাংস উৎপাদনৰ ফলত হাঁহ-কুকুৰা, ফল-মূল, শাক-পাচলি বা শস্যৰ উৎপাদনতকৈ যথেষ্ট বেছি সেউজ গৃহ গেছ নিৰ্গমন হয়। পেৰিছৰ জলবায়ু সন্মিলনত ১১৯খন দেশে কৃষিৰ পৰা হোৱা কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল।কিন্তু সেই প্ৰতিশ্ৰুতি তেওঁলোকে কেনেকৈ পালন কৰিব তাৰ কোনো নিৰ্দেশনা নাছিল। কিন্তু আপুনি বা মই ইচ্ছা কৰিলে এই কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব পাৰো আৰু সেয়া সম্ভৱ হ’ব যদি আপুনি তিনিটা কথা মানি চলে।

  • খাদ্যত মাংসৰ সলনি শাক-পাচলি আৰু ফল-মূলৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰক। আপুনি যদি মাংসভোজী আৰু প্ৰতিসাজতে নিৰামিষ আহাৰ ভাল নেলাগে তেন্তে সপ্তাহত অন্ততঃ এদিন মাংসমুক্ত হ’বলৈ চেষ্টা কৰক।
  • দুগ্ধজাত সামগ্ৰীৰ ব্যৱহাৰ কম কৰক। দুগ্ধজাত সামগ্ৰী কম কৰিও পৰিৱেশক সহায় কৰিব পাৰে। কাৰণ এই খাদ্যসমূহৰ উৎপাদন আৰু পৰিবহণৰ ফলত বৃহৎ পৰিমাণৰ সেউজ গৃহ গেছ নিৰ্গত হয়।
  • আমদানিকৃত খাদ্যৰ পৰিৱৰ্তে স্থানীয়ভাৱে উৎপাদিত বতৰৰ খাদ্য বাছি লওক।

     চালানীয়া সামগ্ৰীৰ পৰিৱৰ্তে থলুৱাভাৱে উৎপাদিত বতৰৰ খাদ্য গ্ৰহণ কৰক। খাদ্য অপচয়ৰ পৰা বিৰত থাকক।সকলো বস্তু পুনঃব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক— আনকি পানীও ।

     আমাক বাৰে বাৰে পুনঃব্যৱহাৰৰ উপকাৰিতাৰ কথা কোৱা হয়।কিন্তু কোনো বস্তু পুনঃব্যৱহাৰযোগ্য কৰি তুলিবলৈ প্ৰয়োজনীয় সামগ্ৰী পৰিবহণ আৰু প্ৰক্ৰিয়াকৰণ কৰিলে বহু কাৰ্বন খৰচ হয়। তথাপি নতুন সামগ্ৰী তৈয়াৰ কৰাতকৈ ইয়াত শক্তি কম ব্যৱহাৰ কৰা হয়। সামগ্ৰী পুনৰ ব্যৱহাৰ কৰিলে অধিক ক্ষতি হ্ৰাস কৰিব পৰা যায়। পানীৰ ক্ষেত্ৰতো একেই কথা। আৰোমাৰ ৰেভিৰ মতে- “আমি পানী সংৰক্ষণ আৰু পুনঃব্যৱহাৰ কৰা উচিত। আমি বিশেষকৈ বৰষুণৰ পানী সংগ্ৰহৰ কামত জড়িত হ’বলৈ চেষ্টা কৰা উচিত।”

আনক এই বিষয়ে অৱগত কৰক আৰু শিকাওক:
জলবায়ু পৰিৱৰ্তনৰ বিষয়ে প্ৰচাৰ কৰক আৰু সাধাৰণ মানুহক ইয়াৰ বিষয়ে জ্ঞান দিয়ক। আনৰ সৈতে একেলগে কাম কৰি এক বহনক্ষম সম্প্ৰদায়ৰ জীৱনশৈলী স্থাপন কৰাৰ অংশীদাৰ ভিত্তিক নেটৱৰ্ক গঢ়ি তোলক। যাতে বিভিন্ন সম্পদ ভাগ-বতৰা আৰু ব্যৱহাৰ কৰিব পৰা যায়।

     এই সৰু সৰু সাৱধানতাবোৰৰ পৰাও এক সুচল জীৱন ধাৰণৰ মানদণ্ড লাভ কৰিব পাৰি। আৰোমাৰ ৰেভিয়ে মতে যেতিয়া এই পৰিৱৰ্তনসমূহ প্ৰতিদিনে কোটি কোটি লোকে অনুশীলন কৰে, তেতিয়াই তেওঁলোকৰ মংগলৰ ওপৰত প্ৰায় কোনো প্ৰভাৱ নপৰাকৈ বহনক্ষম উন্নয়ন প্ৰতিষ্ঠা কৰাটো সম্ভৱ হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.