সমাজকৰ্মী মীনাৰাম দাসৰ বিয়োগ

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জানুৱাৰী: তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী অঞ্চলৰ প্ৰবীণ সমাজকৰ্মী মীনাৰাম দাসৰ আজি পুৱা চাৰি বজাত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৯০বছৰ৷ উল্লেখযোগ্য যে, কৃষক দাস অঞ্চলটোৰ বিভিন্ন সামাজিক কামকাজত জড়িত হৈ থকাৰ লগতে অঞ্চলটোৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী ঊষা নাট সমাজৰ লগত সক্রিয় ভাবে জড়িত আছিল।বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটা দাসে বিয়োগৰ সময়ত দৰং মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° দুলাল দাসকে ধৰি আৰু দুজন পুত্ৰ তথা দুগৰাকী বিবাহিতা কন্যা,এগৰাকী বোৱাৰীকে ধৰি নাতি নাতিনী তথা আত্মীয়ক এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.