শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : ভাৰতীয় অর্থনীতিত তীব্ৰ জোকাৰণি। ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ তুলনাত অধিক নিম্নগামী। সর্বকালৰ অভিলেখ ভাঙি এক ডলাৰৰ মূল্য বাঢ়ি হ’ল ভাৰতীয় মুদ্রাত ৭৭.৪২ টকা। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় মুদ্রাৰ ইমান অবমূল্যায়ন হোৱা নাছিল। এসময়ত ভাৰতীয় মুদ্রাৰ অবমূল্যায়নক লৈ ইউপিএ চৰকাৰক বিজেপিয়ে তৎকালীন প্রধানমন্ত্রী মনমোহন সিঙৰ বয়সৰ সতে তুলনা কৰিছিল। এতিয়া সেই বিজেপি জমানাতেই টকাৰ মূল্য সকলোতকৈ তললৈ গ’ল। আনফালে সপ্তাহৰ আৰম্ভণিৰ দিনাই শ্বেয়াৰ বজাৰৰ সূচক আছিল ৰঙা ৰেখাৰ তলত। দুপৰীয়া ২ বাজি ৪০ মিনিটত বম্বে ষ্টক এক্সচেঞ্জত ০.৫৯ শতাংশ বা ৩২২.২৩ পইন্ট পতন দেখা যায় বিগত ছেচনৰ তুলনাত। ইয়াৰ ফলত চেনসেক্স গৈ পায়গৈ ৫৪,৫১৩.৩৫ পইন্টত। ইফালে নিফটিও ০.৬৩ শতাংশ বা ১০৩.২০ পইন্ট নিম্নগামী হয়। ইয়াৰ ফলত নিফটি গৈ ৰয়গৈ ১৬,৩০৮.০৫ পইণ্টত।