সহনশীলতাৰ সেই  ছবিখন…

0 169

দীপামণি হাজৰিকা বৰুৱা

   মূৰৰ ওপৰত ছাঁ দি থকা  হাতবোৰ  হেৰাই যোৱাৰ পাছতহে অনুভৱ হয় অতিমাত্ৰা ৰ’দ কিম্বা বৰষুণ জীৱনৰ বাবে কিমান ক্ষতিকাৰক।স্কুলত থকা সময়খিনিত প্ৰতিদিনাই কোনোবা নহয় কোনোবা সময়ত  হাত কিছুমানৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ।যিবোৰ হাতে এসময়ত নিৰাপত্তাৰ ছাঁ দিছিল।মোৰ দুহাতত ধৰি চিনাকি কৰাই দিছিল ধৈৰ্য আৰু মমতাৰে ভৰা বেলেগ এখন পৃথিৱীক।অস্থিৰ যন্ত্ৰণাৰ মাজতো হাতবিলাকে উপহাৰ দি যোৱা কিছুমান স্মৃতিয়ে এতিয়াও মোৰ ওঁঠত হাঁহি বিৰিঙায়।মোক সাহসী, সহনশীল আৰু সংযমী হৈ থাকিবলৈ বাধ্য কৰায়।

         স্কুলত যোগদান কৰা পাঁচমাহমান হৈছে।এদিন হেডছাৰে মাতি নি কলে, “লখিমপুৰ জিলাৰ স্কুলসমূহৰ শিক্ষক সকলৰ মাজত “জ্যোতি সংগীত” প্ৰতিযোগিতা এখন অনুষ্ঠিত হ’ব।এখন স্কুলৰ পৰা অতিকমেও পাঁচজনীয়া এটা দলে যোগদান কৰিব লাগিব।গতিকে প্ৰস্তুতি আৰম্ভ কৰ। তহঁত মহিলা কেইগৰাকীয়েই গাবি।বায়েৰহঁতক (প্ৰায়সকল মোৰ শিক্ষাগুৰু) আজিৰ পৰা শিকাবলৈ আৰম্ভ কৰি দে।” কথাষাৰ যেতিয়া শিক্ষক জিৰণিকোঠাত কলোহি মোক আচৰিত কৰি জ্যেষ্ঠ বাইদেউ দুগৰাকীয়ে হ’ব বুলি ক’লে।লগে লগে অনুশীলন আৰম্ভ হৈ গ’ল।সিদ্ধান্ত হ’ল পাঠদান নথকাৰ সময়ত স্কুলত আৰু সন্ধিয়া আমাৰ ঘৰত গোটেই কেইজনী লগ হৈ অনুশীলন কৰিম।তাৰ পাছত পাঁচদিন কেৱল অনুশীলন আৰু অনুশীলন।স্কুলত,বাথৰূমত, সন্ধিয়া ঘৰত, বিছনাত আমাৰ ওচৰে পাজৰে থকাসকলক একেৰাহে শুনাই শুনাই আমনি লগাই দিলো,”জননীৰ সন্তান জাগা,জাগা…”
অৱশেষত প্ৰতিযোগিতাত যোগদান কৰাৰ দিনটো আহি পৰিল।সকলোৰে গান মুখস্থ।ইউনিফৰ্মকে ধৰি আন প্ৰস্তুতি বিলাকো ইতিমধ্যে শেষ হৈছে ।কিন্তু সমস্যা এটা সেইখিনিতে আহি পৰিল।আমাৰ বাকী চাৰিজনীৰ মাতকেইটা একেই যদিও এগৰাকী বাইদেউৰ মাতটো আমাৰ লগত নিমিলে।তেওঁ আমাতকৈ তলৰ স্কেলত গানটো ধৰি দিয়ে।যাৰ বাবে বাকী মাতকেইটা এফালে আৰু তেওঁৰ মাতটো সুকীয়াকৈ ওলাই যায়।কি কৰো এতিয়া! প্ৰতিযোগিতাৰ কথা।এনেকৈ গালে বৰ লাজ পাম।বাইদেউক বুজাওহে বুজাও শেষত একেটাই কৰি দিয়ে।কি কৰো ভাবি ভাবিয়েই এটা সময়ত সেই বাইদেউ গৰাকীৰ গাড়ীতে উঠি আমি প্ৰতিযোগিতা অনুষ্ঠিত হোৱা স্কুলখন পালোগৈ।গৈ দেখিলোঁ, আচৰিত ধৰণৰ এক পৰিবেশৰ সৃষ্টি হৈ আছে। শিক্ষাগুৰুসকল নিজৰ গানটোক লৈ অতিকৈ সচেতন।ঠায়ে ঠায়ে  অনুশীলনত ব্যস্ত সকলো।ইমান ধুনীয়াকৈ গাই আছে! আমাৰ কি হ’ব বাৰু! লগত যোৱা হাৰমনিয়াম আৰু তবলা বজোৱা দাদা কেইজনে বাইদেউক বুজাইছে হে বুজাইছে।বেচেৰীয়ে ইমান চেষ্টা কৰে,অথচ মাতটো তলৰ স্কেলত গলগলীয়াকৈয়ে ওলায়। এটা সময়ত প্ৰতিযোগিতা আৰম্ভ হ’ল।দুটামান দলে গোৱাৰ পাছতে আমাৰ পাল পৰিল।ভগৱানকে ভাবি চিন্তি মঞ্চত প্ৰবেশ কৰিলোঁ।মনতে ভাবিলো বাইদেউক স্পীকাৰৰ পৰা অকনমান আঁতৰত ৰাখিম।কিন্তু য’তে বাঘৰ ভয় ত’তে ৰাতি হয় বুলি এষাৰ কথা আছে।আমাৰ ক্ষেত্ৰতো একেটাই হ’ল।ষ্টেজত উঠাৰ লগে লগে আমাৰ প্ৰত্যেকৰে সন্মুখত একোটাকৈ মাইক্ৰফোন দি দিয়া হ’ল। “হে ভগৱান এতিয়াহে মৰিলোঁ!বাইদেৱে কি কৰিব এতিয়া!” হঠাতে মোৰ মনত এটা বুদ্ধি খেলালে।আমাৰ সন্মুখত মাইক পৰীক্ষা কৰা দাদাজনক মনে মনে অনুৰোধ কৰিলো তেওঁ যেন বাইদেউৰ সন্মুখত থকা মাইক’ফোনটো অন নকৰে।দাদা জনেও আমাৰ অনুৰোধটো ৰক্ষা কৰি বাকীকেইটা মাইক অন কৰি বাইদেউৰ মাইকটো অফ কৰি দিলে।গান আৰম্ভ হ’ল।শেষ হোৱাৰ পাছত যেতিয়া মঞ্চৰ পৰা নামি গলো বিদ্যালয় পৰিদৰ্শককে ধৰি সকলোৱে গানটো ভাল হৈছে বুলি প্ৰশংসা কৰিলে।পিছে মোৰ মনটোহে লাহে লাহে বেয়া লাগি আহিবলৈ ধৰিলে।অনুশোচনাৰ জুইকুৰাই যেন মোক ঘেৰি ধৰিলে।উশাহ ল’ব নোৱাৰা হৈ বাইদেউৰ হাতখন খামুচি ধৰিলোঁ।তেখেতে উৎসাহেৰে কৈ উঠিল,”ইমান চিন্তা কৰি আছিলোঁ,দেখিছা গান ভাল হ’ল।মই মাতটো একেবাৰে কমকৈ উলিয়াইছো দেই”
মোৰ দুচকুৰে টপ টপকৈ চকুপানী সৰিবলৈ ধৰিলে।অবাক হৈ বাইদেৱে কি হৈছে বুলি সুধিলত এইবাৰ আৰু ৰ’ব নোৱাৰিলোঁ।তেওঁৰ হাতখন ধৰি কৈ গ’লো,” মই এটা ডাঙৰ ভুল কৰি পেলালোঁ।গানটো ভাল হোৱাৰ খাতিৰত মই আপোনাৰ সন্মুখত থকা মাইক্ৰফ’নটো অন কৰিবলৈ নিদিলোঁ।”
কথাষাৰ শুনি তেখেতে এখন্তেক মোৰ মুখলৈ চালে আৰু  গহীন হৈ গ’ল।মনতে ভাবিলো,”যি শাস্তি দিয়ে মানি ল’ম।ভুল কৰিছো যিহেতু।মোক এনেকুৱা কৰা হলে ময়োটো দুখ পালোহেঁতেন।”
কিন্তু অকনমান সময়ৰ পাছতে মোক অবাক কৰি তেওঁ হো‌-হোৱাই হাঁহি কৈ উঠিল,”তোমাৰ ইমান উপস্থিত বুদ্ধি আছে বুলি জনাই নাছিলোঁ।বৰ ভাল কৰিলা দেই কামটো কৰি।সমূহীয়া স্বাৰ্থৰ খাতিৰত এনেকুৱা কাম কিছুমান কেতিয়াবা কৰিব লগীয়া হয়।মোৰ যে ইমান চিন্তা লাগি আছিল! অ’ সেইবাবে গানটো মানুহে ভাল শুনিছে আক’…”
কথাষাৰ কৈ বাইদেৱে আকৌ ডাঙৰকৈ হাঁহি দিলে।আচৰিত হৈ ৰৈ গ’লো।মানুহে এনেকৈয়ো কথা সহজকে লব পাৰেনে! বৃহত্তৰ স্বাৰ্থৰ খাতিৰত নিজৰ অপমানকো মূৰ পাতি ল’ব পৰাকৈ  সহনশীল হ’ব পাৰেনে?বুজি উঠিলো,কিছুমান শিক্ষাগুৰু আন সকলতকৈ কিয় পৃথক হয়।ভাল কামবোৰক সন্মান জনাই প্ৰয়োজন সাপেক্ষে সহনশীলতাৰে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পৰাজনহে আচলতে প্ৰকৃত শিক্ষক।
ইয়াৰ পাছত বাইদেৱে বহুদিনলৈ য’তে ত’তে ঘটনাটো উলিয়াই ৰস লগাকৈ নিজে নিজেই হাঁহি ফুৰিছিল।মই বুজি নাপাইছিলো তেওঁৰ এই সৰলতাই মোক আনন্দ দিছিল নে বিষাদ।কিন্তু এটা কথা নিশ্চিতকৈ শিকিছিলো, ধৈৰ্য, মমতা আৰু সহনশীলতাৰ দৰে মানৱীয় গুণবোৰে মানুহক বেলেগ এক মহত্ব প্ৰদান কৰে।জীয়াই থাকোতেই হওক বা মৃত্যুৰ পাছতো যি মহত্ত্বৰ অনুভৱে তেওঁৰ আশে পাশে থকা সকলক সাহস আৰু আশীৰ্বাদ প্ৰদানেৰে ঐশ্বৰ্যশালী  কৰি ৰাখে জীৱনলে ।

মন্তব্য দিয়ক

Your email address will not be published.