শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে’ :
ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰেৰে ১২ মেৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব ঐতিহ্যমণ্ডিত ফাটবিহু।
অসমীয়া সংস্কৃতি জগতৰ অনন্য তথা আকৰ্ষনীয় অনুষ্ঠান ফাটবিহু উদযাপনক লৈ ঢকুৱাখনাত এতিয়া উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। ন-ৰূপত সজাই পৰাই তোলা হৈছে ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।আহোম ৰাজত্বকালৰে পৰা স্বকীয় ঐতিহ্য পৰম্পৰাৰে উদযাপন কৰি অহা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ নিখুঁত আৰু সাৱলীল ৰূপত উপস্থাপনৰ হেতু আয়োজনৰ ক্ৰুটি কৰা নাই ঢকুৱাখনাৰ সংস্কৃতিবান ৰাইজে।১১খনকৈ উপ-সমিতিৰ বিষয়-ববীয়াই হাত উজান দিছে কামত। ফাটবিহু উৎসৱৰ পূৰ্বেই ঢোল পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি। অনুষ্ঠানটি সুশৃংখল ৰূপত উদযাপনৰ বাবে দুই শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।
উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা আৰু সম্পাদক বনশ্যাম গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত এইবাৰ শতাধিক বিহুদলে অংশগ্ৰহণ কৰাৰ কথা অৱগত কৰি ফাটবিহুলৈ আহিবলগীয়া আলহী-অতিথিক আপ্যায়নৰ বাবে বিধে বিধে পিঠা-পনা, জা-জলপান সাজু কৰাও বুলি জানিব দিছে।ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত জাতীয় সাজ পৰিধানেৰে উপস্থিত থাকি ফাটবিহুৰ ৰূপ ৰং উপভোগ কৰাৰ সানুনয় আহ্বান জনাইছে আয়োজক সমিতিয়ে।ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি ১২ মেৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু উৎসৱৰ তিনিদিনীয়া বৰ্ণিল কাৰ্য্যসূচী পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই।১১ বজাত বিভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহক আদৰণি পৰ্ব। ১১.৩০ বজাত মঞ্চ মুকলি কৰিব ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকাই।
দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব অভিনেত্ৰী মৌ:নাম স্মৃতি পেগুৱে।২.৩০ বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা।চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ডিব্ৰুগড়ৰ বিহুৱা জিতেন দাসে।
