শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৯ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত সমাৰোহখনি আজি পুৱা মুকলি কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই। শুভাৰম্ভনি বক্তব্যত তেখেতে কয় যে সামূহিক ভাৱধাৰা, শৃংখলাবদ্ধতা আৰু নিয়মানুবৰ্তিতাৰে কাম কৰি ভৱিষ্যতৰ জীৱন গঢ়াৰ দিশত যত্নবান হ’ব লাগে। প্ৰত্যেকজনে পাঠ্যক্ৰমৰ উপৰিও সহপাঠ্যক্ৰমিক ক্ষেত্ৰতো সমানে ব্যুৎপত্তি অৰ্জন কৰি আগবাঢ়ি যাব পাৰিলে কৃতকাৰ্যতাৰ পথত আগুৱাই যাব পৰা যাব। সমান্তৰালভাবে অনুপ্ৰেৰণামুলক দৃষ্টিভংগীৰে জ্ঞান আৰ্জনৰ দিশত আমি পশ্চিমীয়া দেশসমুহৰ
বিশ্ববিদ্যালয়সমুহৰ আদৰ্শ গ্ৰহণ কৰিব পাৰো। তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা সমাৰোহ পুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মাৰ্ছপাষ্টত প্ৰদৰ্শন কৰে । পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সামুহিক বিজ্ঞানগুৰু ড° ৰুমা ভট্টাচাৰ্যই । এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, ৰেচম মহাবিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° উৎপল কটকীও উপস্থিত থাকে। এই অনুষ্ঠানতে মাৰ্ছপাষ্টত স্থান লাভ কৰা দলকেইটাক পুৰস্কাৰ প্ৰদান কৰা হয়।