সামৰণি পৰিল পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলাৰ

বিভিন্ন গ্ৰন্থই নতুন প্ৰজন্মক অনেক নজনা কথাৰ সম্ভেদ দিয়ে--নৱ কুমাৰ দলে

0 48

গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ঢকুৱাখনাৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ “বিভিন্ন গ্ৰন্থই নতুন প্ৰজন্মক অনেক নজনা কথাৰ সম্ভেদ দিয়ে।বৌদ্ধিক চিন্তা-চেতনাৰ চৰ্চা অব্যাহত থাকিলেহে এখন দেশ বা এটা জাতি আগুৱাই যাব পাৰে।”–এই মন্তব্য অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেৰ। উল্লেখ্য যে আজি সামৰণি পৰা “পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪”ৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা উদ্বোধন কৰি বিধায়ক দলেয়ে আৰু কয় যে- ঢকুৱাখনাত তাহানিৰ পৰাই এক বৌদ্ধিক বাতাবৰণ আছে; স্বভাৱ কবি সৰ্বেশ্বৰ জালভাৰী ফুকন, চন্দ্ৰশেখৰ দাস, হোমেন বৰগোহাঞিকে আদি কৰি বহুজন ঢকুৱাখনাৰ লেখক, সাহিত্যিক, কবিয়ে অসমীয়া সাহিত্যৰ বিভিন্ন দিশবোৰ টনকিয়াল কৰি গৈছে। ২০২০ চনৰ পৰা ধাৰাবাহিকভাৱে ঢকুৱাখনাত এই গ্ৰন্থমেলা আয়োজন কৰি থকাটো এটা মহৎ কাম হৈছে। পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪’ৰ সভাপতি ড০ গিৰীণ গগৈৰ সভাপতিত্বত দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী সভা আৰম্ভ হয়। এই সভাত বিশিষ্ট অতিথিৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়াই আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট লেখক, সাহিত্যিক ভৰত সন্দিকৈ, ঢকুৱাখনাৰ পৌৰপতি ৰাজীৱ দাস, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়াকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।উল্লেখ্য যে ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত ১৮ ডিচেম্বৰৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা পঞ্চম সংখ্যক “ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪”ৰ আজি অন্তিম দিনাৰ প্ৰথম কাৰ্যসূচীৰূপে ঢকুৱাখনাৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰৰ জড়িয়তে অৱদান আগবঢ়োৱা কেইবাজনো জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪’ৰ সহকাৰী সম্পাদক অৰুণ চমুৱাই আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত সঞ্চালনা কৰে পঞ্চম সংখ্যক ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪’ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চুতীয়াই। আয়োজক সমিতিৰ ফালৰ পৰা জ্যেষ্ঠ নাগৰিক ক্ৰমে- ঢকুৱাখনাৰ বান্টৌ গাঁৱৰ- ভূৱন চমুৱা, মৰনৈৰ কৰঙা গাঁৱৰ পৰেশ খনিকৰ, সোণাৰি চাপৰিৰ হেমচন্দ্ৰ গগৈ, নেমুটেঙানীৰ গোলোক বৰা, বাঁহপৰা খামনৰ শ্যমন্ত ফুকনক সম্বৰ্ধনা পত্ৰ আৰু চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.