সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ আৱিৰ্ভাব
শতাব্দ, ঢকুৱাখনা, ৬ ফেব্ৰুৱাৰীঃ সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ উপস্থিতি ধৰা পৰিছে। এই কুকুৰৰ লক্ষ্য পোহনীয়া জীৱ জন্তু। ঢকুৱাখনাৰ পশ্চিম অঞ্চলত বিগত কিছুদিন ধৰি সংঘটিত হৈ আহিছে প্ৰায় দুই ডজন ছাগলী চিকাৰৰ ঘটনা। নিশা গৃহস্থৰ অজ্ঞাতে গঁৰালৰ পৰা ছাগলীৰ অন্তৰ্ধান হৈ আহিছিল। ছাগলী নিশাৰ ভাগতে নোহোৱা হৈ পৰা ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা আৰু চোৰাং কেমেৰা। বিভাগে সন্দেহ কৰিছিল এই ঘটনা নাহৰফুটুকী বা লতামাকৰী বাঘে সংঘটিত কৰিছিল বুলি। কিন্তু বন বিভাগৰ অনুমান ভুল বুলি প্ৰমাণিত কৰি চোৰাং কেমেৰাত যোৱা ৰাতি ধৰা পৰিছে এটা নিসংগ “বন্য কুকুৰ” বা “ৰাং কুকুৰ”ৰ উপস্থিতি। যি পশ্চিম ঢকুৱাখনাৰ ছাগলী পালকৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
