সাৱধান! দুলুংমুখ ৰেঞ্জলৈ নাযাব

১ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ অনুশীলন

0 11

লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ ৰেঞ্জত অহা ১ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে উল্লেখিত স্থান সক্ৰিয়কৰণ কৰা হৈছে৷ এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচলনা অনুশীলন কৰিব৷ লখিমপুৰ জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে উক্ত সময়ছোৱাত দুলুংমুখ ৰেঞ্জ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে৷ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিদেৰ্শনাৰ জৰিয়তে কোনোধৰণৰ অশুভ পৰিঘটনাৰ পৰা হাত সাৰিবলৈ আৰু জীৱন আৰু সম্পত্তিৰ আঘাত বা ক্ষতি ৰোধ কৰিবলৈ এই ঘোষণা স্থানীয় জনসাধাৰণক সজাগ কৰিছে বুলি জনাইছে জিলা ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া ৰূপ ৰঞ্জন দাসে । উল্লেখ্য যে ঘাগৰ নগৰৰ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্প স্থলীলৈ দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে এটি পথ আছে আৰু এই পথেৰে আজিকালি বতৰৰ প্ৰতিটো ঋতুতে কেতবোৰ বনভোজ দল(?) দুলুংমুখলৈ যায়। তদুপৰি সীমান্তত অৰুণাচলৰ কেবাটাও বস্তি থকাৰ লগতে মেথোন আৰু গৰু গায়ে অবাধে ফায়াৰিং ৰেঞ্জত চৰি থাকে। সেইসূত্ৰে প্ৰশাসনে সকলো পক্ষকে উক্ত সময়চোৱাত ফায়াৰিং ৰেঞ্জৰ কাষ নাচাপিবলৈ সতৰ্ক কৰি দিছে।

মন্তব্য দিয়ক

Your email address will not be published.