সুধাকন্ঠৰ মৃত্যু তিথিত কবিতা গীতে মাতে মুখৰিত হল জ্যোতি ভাৰতী পকী

0 41
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ নবেম্বৰঃ  সংগীত সূৰ্য বিশ্বশিল্পী ডঃ ভূপেন হাজৰিকাৰ ১১সংখ্যক মৃত্যুবাৰ্ষিকীৰ সুধাকণ্ঠ দিৱসটি শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত তেজপুৰ জ্যোতি ভাৰতী (পকী)ৰ সভাগৃহত স্মৃতিচাৰণ সভাৰ সৈতে সংগতি ৰাখি কবিতা আৰু গীতৰ বৰ্ণিল আবেলি শীৰ্ষক অনুস্থানেৰে উদযাপন কৰা হয়। দুপৰীয়া ১বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰিঞ্জুমণি নেওগ বৰাই। তেজপুৰ, বালিপাৰা, ৰঙাপাৰ আদি বিভিন্ন ঠাইৰ কবি, শিল্পী আৰু যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুস্থানটিত আদৰণি ভাষণ ৰাখে কবি সন্মিলনৰ সহঃ সম্পাদক পংকজ প্ৰতিম বৰাই। তেওঁ কয়- আজিৰ এই অনুস্থানটি সুধাকণ্ঠৰ বৰ্ণিল জীৱনৰ আদৰ্শেৰে আগবাঢ়ি যোৱাৰ বাবে শোণিতপুৰ জিলা কবি সন্মিলনে হাতত লোৱা এক প্ৰচেষ্টা মাত্ৰ। ইয়াৰ পিছতে তেজপুৰৰ বিশিষ্ট সংগীত শিল্পী কামাল ৰচিদ আহমেদৰ গীতেৰে আৰম্ভ হোৱা অনুস্থানটি সঞ্চালনা কৰাৰ লগতে সুধাকণ্ঠৰ জীৱনত আলোকপাত কৰে বিশিষ্ট কবি, লেখিকা চিনু পাঠকে। অনুস্থানটিত ভূপেন হাজৰিকা বিষয়ক কবিতা পাঠ কৰে ললিত কুমাৰ বসুমতাৰী, নাজু হাতী কাকতি, সংগীতা ৰাজখোৱা, পংকজ প্ৰতিম বৰা, মীনা মহন্ত, ৰাণী বৰা, মৌচুমী মহন্ত, ৰীতাৰাণী মালি, নিৰূপমা লহকৰ, ৰঞ্জু লহকৰ আদিয়ে। ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ৰিঞ্জুমণি নেওগ বৰা, অনুস্মিতা বৰা, ৰিম্পী বৰঠাকুৰ, স্বপন মৈত্ৰ, ললিত কুমাৰ বসুমতাৰী আদি তেজপুৰৰ যথেষ্ট সংখ্যক শিল্পীয়ে। অসম চৰকাৰৰ অধীনস্থ জ্যোতি ভাৰতীৰ সাংস্কৃতিক বিষয়া জিতেন্দ্ৰ কুমাৰ দাসে তেওঁৰ দিনটোৰ অন্যান্য চৰকাৰী ব্যস্ততাৰ মাজতে অংশগ্ৰহণ কৰি যাযাবৰ শিল্পীজনৰ জীৱনত আলোকপাত কৰি শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰ, সম্পাদক সংগীতা ৰাজখোৱা, মীনা মহন্ত আদিৰ উদ্যোগৰ শলাগ লয় আৰু ভৱিষ্যতে তেজপুৰত কবিতাৰ এক বিশেষ অনুস্থান অনুষ্ঠিত কৰাৰ চিন্তা ব্যক্ত কৰে। শলাগৰ শৰাই আগবঢ়াই সম্পাদিকা সংগীতা ৰাজখোৱাই শোণিতপুৰ জিলা কবি সন্মিলনৰ আগন্তুক  কাৰ্যসূচীসমূহত আজিৰ দৰে ভৱিষ্যতেও ৰাইজৰ সহায় সহযোগিতা, পৰামৰ্শ বিচাৰি অনুস্থানটি আগবঢ়াই নিয়াত সহায় কৰিব বুলি আবেদন জনায় আৰু জ্যোতি ভাৰতীৰ সাংস্কৃতিক বিষয়া জিতেন্দ্ৰ কুমাৰ দাসৰ লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.