শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১০ আগষ্টঃ গ্ৰীষ্মকালীন বন্ধৰ উপলক্ষে লক্ষীমপুৰৰ অন্যতম নাট্যচৰ্চা কেন্দ্ৰ সৃষ্টিয়ে আয়োজন কৰা ২০ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি পৰে।পঞ্চাশৰো অধিক শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত নাটক, অভিনয়, যোগ ,আবৃত্তি, মুকাভিনয় ,ৰুদ্ৰ বৰুৱাৰ গীত,পাৰ্বতী প্ৰসাদ বৰুৱা গীত আৰু দিহা নামৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰতিজন প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীয়ে ব্যক্তিগতভাৱে ভিন ভিন অনুষ্ঠান পৰিবেশন কৰি নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে ।সৃষ্টিৰ মুখ্য উপদেষ্টা সুৰেন ৰাজখোৱাৰ সঞ্চালনাত আয়োজিত কৰ্মশালাৰ এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰা বিশিষ্ট সাংস্কৃতিক কৰ্মী কুশৰাম সোনোৱালে শিশুৰ বাবে এনে কৰ্মশালাৰ প্ৰয়োজনতাৰ বিষয়ে বহল বাখ্যা দাঙি ধৰে।কৰ্মশালৰ মুখ্য পৰিচালক ডঃ শৈলেন বৰাই শিশুৰ ব্যক্তিত্ব আহৰণত এনে কৰ্মশালৰ প্ৰভাৱ সম্পৰ্কত বক্তব্য দাঙি ধৰে। এই কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু সকলৰ দ্বাৰা সৃষ্টিয়ে অহা ২৭ আগষ্টত নাট্যকাৰ ৰেণুমণি গগৈৰ শিশুনাট “অংকুৰ” মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰিছে ।