শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : গলৱানত চীনৰ লগত সংঘটিত সংঘর্ষত ছহিদ হৈছিল লেন্স নায়ক আৰু বীৰচক্রপ্রাপ্ত দীপক সিংহ। তেওঁৰ স্মৃতি বুকুত লৈয়েই দেশসেৱাৰ বাবে শিক্ষয়িত্ৰীৰ চাকৰি এৰি সেনাত যোগ দিলে তেওঁৰ পত্নী ৰেখা সিংহই। ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত যোগ দিছে তেওঁ। ২০২০ চনৰ ১৫ জুনত গলৱান উপত্যকাত ভাৰতীয় সেনা চীনা সেনাৰ আগ্রাসনৰ বিৰুদ্ধে থিয় দিয়ে। সেই দলত আছিল দীপক সিংহ। দেশৰ বাবে যুঁজ দি প্রাণ ত্যাগ কৰে তেওঁ। ইয়াৰ মাত্র ১৫ মাহ পূৰ্বে দীপক সিংহ আৰু ৰেখাৰ বিয়া হৈছিল। ৰেখা সিংহই জনায় যে, দীপক সিংহই বিচাৰিছিল পত্নীয়েও যেন সেনাবাহিনীত যোগ দিয়ে। কিন্তু তেওঁৰ মৃত্যুৰ পিছত সকলো যেন স্থবিৰ হৈ পৰিছিল। তথাপি স্বামীৰ স্বপ্নৰ কথা পাহৰি যোৱা নাছিল তেওঁ। সেয়ে শিক্ষয়িত্ৰীৰ চাকৰি এৰি দিয়ে ৰেখাই। সেনাৰ প্রৱেশিকা পৰীক্ষাৰ বাবে নয়দালৈ গুচি যায় তেওঁ। সাধাৰণ চাকৰি কৰা মহিলা হৈ হঠাৎ সেনাৰ বাবে প্রশিক্ষণ আৰম্ভ কৰা সহজ নাছিল। কঠোৰ শাৰীৰিক কচৰৎ আৰম্ভ কৰে তেওঁ। কিন্তু সেনাবাহিনীৰ ফিটনেছ টেষ্ট ভীষণ কঠিন। প্রথমবাৰৰ চেষ্টাত সফল নহ’ল তেওঁ। তথাপি আশা নেৰিলে। নতুনকৈ প্রস্তুতি আৰম্ভ কৰে। দ্বিতীয়বাৰৰ চেষ্টাত তেওঁ সেনাবাহিনীত সুযোগ পায়।