সোৱণশিৰিৰ নামনিৰ বক্ষত পৰি ৰ’ল বহু মাছ-কাছ

ব্যাহত ফেৰী সেৱা

0 166

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ অক্টোবৰঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত হোৱা অঘটনৰ ফলত অভাৱনীয় হাৰত শুকাই যোৱা সোৱণশিৰি নদীত থকা মাছ কাছৰ লগতে জলপ্ৰাণী সমূহৰ অপমৃত্যু ঘটিছে৷ হঠাতে পাহাৰ খহি ডাইভাৰচন টাৰ্নেলৰ সন্মুখভাগ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ ফলত সোৱণশিৰিৰ জলধাৰা প্ৰবাহ বন্ধ হৈ পৰাত নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আজি পুৱাৰ ভাগত সোৱণশিৰিৰ নামনিত বিশেষকৈ পূৱতেলাহী, লোহিত খাবলু, মহাইজান, ঘূনাসুঁতি, ঘাগৰ কলাখোৱা, এছেৰাকটা, চাউলধোৱা আদিত সোৱণশিৰিৰ বালিচৰত মাছ-কাছৰ ব্যাপক অপমৃত্যু ঘটা পৰিলক্ষিত হয়৷ চৰাই-চিৰিকটিয়ে এনে মাছ কাছ ভক্ষণ কৰাৰ লগতে বহু লোকে খোজকাঢ়ি সোৱণশিৰি বক্ষত এনে মৃত মাছ-কাছ প্ৰত্যক্ষ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ ঘাগৰ কলাখোৱাত বালিত মৃত হৈ পৰি থকা কেবাকিলোগ্ৰাম ওজনৰ এটা গৰুৱা মাছ স্থানীয় লোকে উদ্ধাৰ কৰে৷ ইফালে সোৱণশিৰি বক্ষ শুকাই যোৱাৰ ফলত নদীৰ বুকুত থকা শিলসমূহ ওলাই পৰে যদিও বিয়লিলৈ সামান্য পৰিমানে নদীখনৰ বক্ষত জলধাৰা প্ৰৱাহ হ’বলৈ ধৰাত নদীপৰীয়া লোকসকলে স্বস্তিৰ নিশ্বাস পেলায়৷ আনহাতে এন এইচ পি চিত সংঘটিত অঘটনৰ ফলত সোৱণশিৰিৰ বক্ষ শুকাই যোৱাত আজি ঘাগৰ-ঘূনাসুঁতি, এছেৰাকটা, খাবলু আদি ঘাট সমূহত ফেৰী সেৱা বন্ধ হৈ পৰাত বহু লোক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়৷ ঠায়ে ঠায়ে এনে নাও হাতেৰে ঠেলি পাৰাপাৰ কৰিবলগা হয়৷ হঠাতে সোৱণশিৰিৰ এনে অপমৃত্যুৱে নদীপৰীয়া লোকসকলক চিন্তিত কৰি তুলিছে৷ সাম্প্ৰতিক সময়ত শক্তি উৎপাদন হোৱাৰ পূৰ্বেই এন এইচ পি চিত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাত অদূৰ ভৱিষ্যতে শক্তি উৎপাদন হোৱাৰ পিছত বৃহৎ নদীবান্ধ প্ৰকল্পটোত কেনে পৰিস্থিতিৰ সূচনা হ’ব তাক লৈ সকলো চিন্তিত হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.