সোৱণশিৰিৰ পাৰত নদীবান্ধকেন্দ্ৰীক উপন্যাস “নৈ নিনাদ” উন্মোচন
উপন্য়াসখনৰ সম্পাদনা আৰু ক্ৰাফটিং খুব ভাল- জুৰী বৰা বৰগোহাঞি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ নৱেম্বৰঃ প্ৰান্তীয় জীৱন যাত্ৰাৰ উপন্যাসে আজিকালি সমাদৰ লাভ কৰে। “নৈ নিনাদ”ও তেনে এখন উপন্যাস। সোৱণশিৰিৰ পাৰৰ যি জনজীৱন, সেই জীৱনক লৈ উপন্যাসখন লিখিছে।অসমীয়া উপন্যাসত ক্ৰাফটিং খুব কম।কিন্তু ঔপন্যাসিক শিখাজ্যোতিয়ে “নৈ নিনাদ”ৰ সম্পাদনা আৰু ক্ৰাফটিং খুব ভালধৰণেৰে কৰিলে।
নতুন লেখিকা হলেও ঔপন্যাসিক শিখাজ্যোতি কোঁৱৰে এই নতুন উপন্যাসত নদীবান্ধ আন্দোলনৰ সমান্তৰালভাবে এজন সাংবাদিকৰ জীৱন যাত্ৰা আৰু মফচলীয়া সাংবাদিকৰ জীৱন সংগ্ৰাম প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। –এই ভাষ্য বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ। আজি গোগামুখৰ সোৱণশিৰি পাৰৰ ইক’ লজত উপন্যাসখন উন্মোচন কৰি তেওঁ এইদৰে কয়। জুবিন গাৰ্গক স্মৰণ তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আজিৰ সভাখন মুকলি কৰে ধ্ৰুবজ্যোতি কোঁৱৰে। লেখক লক্ষ্মীনন্দন বৰগোহাঞিয়ে সাম্প্ৰতিক কালৰ উপন্যাসৰ গতি প্ৰকৃতি সম্পৰ্কে বক্তব্য ৰাখি কয় যে বৃহৎ নদীবান্ধ এটা প্ৰত্যাহবান, বৃহৎ সমস্যা। সমস্যাটোৰে জড়িত এই নদীৰ সভ্যতা-সংস্কৃতি, অৰ্থনীতিৰ গোটেই দিশখিনি এই উপন্যাসখনৰ জড়িয়তে উন্মোচিত হৈছে।নিজ ভাষণত লেখিকাই উপন্যাসখনৰ জন্ম বৃতান্ত সদৰী কৰাৰ লগতে নদীবান্ধ আন্দোলনক কাল্পনিক চৰিত্ৰ সৃষ্টিৰ মাজেৰে সোৱণশিৰি নৈ সভ্যতাক ধৰি ৰাখিবলৈ চেষ্টা কৰা বুলি সদৰী কৰে। ফেচবুকৰ অৰ্ধ আকাশত ধাৰাবাহিকভাবে লিখাৰ উপৰি গোটটোৰ মেগা উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাত বিশেষভাবে নিৰ্বাচিত হোৱা নৈ নিনাদক ছপা কৰি পাঠকৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰিছে বুলি তেওঁ মন্তব্য কৰে। দীপক বৰগোহাঁয়ে আঁত ধৰা সভাত সাংবাদিক, লেখক বিনয় কৃষ্ণ তামূলী ফুকন, পৰিৱেশ কৰ্মী কেশৱ কৃষ্ণ চত্ৰধৰা, জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা আদিয়ে সোৱণশিৰিক উপজীব্য হিচাপে লৈ লেখিকাই উপন্যাস ৰচনা কৰাত ধন্যবাদ জ্ঞাপন কৰে।
