সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াৰ পৰিত্ৰাণ বিচাৰি অদৃষ্টজনলৈ প্ৰাৰ্থনা গঞাৰ

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াই এতিয়া আতংকৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ ন-আলি তেলিয়া পথাৰত৷ যাৰবাবে আজি তেলাহী মৌজাৰ পাঁচখন গাঁৱৰ সহস্ৰাধিক লোকে সোৱণশিৰিৰ খহনীয়া ৰোধৰ পৰিত্ৰাণ বিচাৰি ন-আলি তেলিয়া পথাৰত জল দেৱতাক কাকূতি-মিনতি কৰিবলৈ বাধ্য হয়৷ সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিৰ কাষত বসবাস কৰা তথা বৃহত্তৰ তেলিয়া পথাৰ অঞ্চলৰ পুৰণি ন-আলি, তেলিয়া পথাৰ, হালধীআতি, ২ নং গুৱাহাটীয়া, ন-আলি খাবলুৰ একাংশ লোক ওলাই আহি নদীৰ পাৰত জল দেৱতাক প্ৰাৰ্থনা কৰে৷ গাঁৱৰ মুখিয়াল লোকসকলক লগতে আইসকলে সোৱণশিৰি নদীৰ পানী যুঁৱলিত এনেদৰে জল দেৱতালৈ প্ৰাৰ্থনা জনায়৷ বিগত কেবাবছৰ ধৰি উক্ত অঞ্চলত সোৱণশিৰি নদীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰাত বহু কেইখন গাঁও নদীৰ বুকুত জাহ যায়৷ নদীখনে চপৰা চপৰে খহনীয়াৰ সৃষ্টি কৰি শ-শ হেক্টৰ কৃষিভূমি উচন কৰাৰ লগতে বহু লোকৰ ঘৰবাৰী পৰ্যন্ত উটুৱাই নিয়ে৷ লক্ষণীয় কথা যে শেহতীয়াকৈ চৰকাৰে উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে ২০ কোটি টকাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও সোৱণশিৰি নদীৰ খহনীয়া এতিয়াও উপশম ঘটা নাই৷ যাৰবাবে শেহতীয়াকৈ স্থানীয় গাঁওবাসীয়ে এনেদৰে জলদেৱতাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে৷ পূৰ্বৰ দৰে উক্ত অঞ্চলত খহনীয়া পৰিদৰ্শনৰ বাবে জিলা উপায়ুক্ত, লখিমপুৰৰ সাংসদ আৰু বিধায়ক আদি উপস্থিত হৈ খহনীয়াৰ বুজ লয় যদিও প্ৰতি বছৰে পৰিৱেশ পৰিস্থিতি একেই আছে।

মন্তব্য দিয়ক

Your email address will not be published.