স্নাতক পাঠ্যক্ৰমত ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিক পাঠ সংযোজন কৰিবলৈ উপাচাৰ্য আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৪মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তি সকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ । ড° হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লভিছিল। অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীতটো অতি অৰ্থবহ ‍ৰচনা আৰু সুৰৰে সজাই বিশ্ববিদ্যালয়খনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। অসমৰ সংগীত জগতৰ পিতৃপুৰুষ গৰাকীৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিত এটা পাঠ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত সংযোজিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অধ্যক্ষ নিশান্ত থৰ্ডে। সংন্থাৰ ৰাজ্যিক সংবাদ মাধ্যমৰ বিষয়া মৃন্ময় কুমাৰ নাথে প্ৰেৰণ কৰা বিবৃতিত এই সন্দৰ্ভত প্ৰকাশ কৰে যে মহান শিল্পী গৰাকীৰ সাংগীতিক কৰ্মৰাজি আৰু সাহিত্যৰ সৃষ্টি সমূহক সামৰি অতি কমেও এটা পাঠৰ স্নাতক কলা শাখাৰ পাঠ্যক্ৰমত সংযোগ ঘটাবলৈ অনুৰোধ জনাই গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হৈছে সংস্থাৰ তৰফৰ পৰা। বিষয়টোত তাৎক্ষনিক সঁহাৰি বিচাৰি পত্ৰখনিৰ প্ৰতিলিপি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল আৰু অসমৰ শিক্ষমন্ত্ৰীলৈও প্ৰেৰণ কৰিছে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ লোৱাৰ ক্ষেত্ৰত অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ আৰু অসম কলেজ শিক্ষক সন্থাৰ মজিয়াত বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অধ্যক্ষ গৰাকীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.