স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ শিল্পী সম্বৰ্দ্ধনা

0 68
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮ফেব্ৰুৱাৰীঃ তেজপুৰৰ দ-পৰ্বতীয়া স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ঐতিহ্য মণ্ডিত দ-পৰ্বতীয়া অঞ্চলৰ দুগৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। ২০২২ – ২৩  ৰ ৰাজ্য চৰকাৰৰ এককালীন  বাৰ্ষিক শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দুগৰাকী কৈ শিল্পী ক্ৰমে সত্ৰীয়া শিল্পী, ৰাজহুৱা স্বীকৃতি প্ৰাপ্ত গায়ন তথা নাট্যকাৰ -পৰিচালক আৰু ৰূপসজ্জাকাৰ ইন্দ্ৰেশ্বৰ পাঠকৰ লগতে অসমৰ এগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী তথা  সমাজকৰ্মী মোহিনী হাজৰিকাক স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা সভানেত্ৰী লীলাৱতী বৰাৰ নেতৃত্বত প্ৰায় ২২ গৰাকী বিষয়ববীয়া আৰু সদস্যাৰ গঠিত এটি দলে শিল্পী কেইগৰাকীৰ বাসগৃহত উপস্থিত হৈ কালি সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সমিতিৰ সম্পাদিকা শিখালী শইকীয়াই আঁত ধৰা অনুষ্ঠানত সম্বৰ্দ্ধনা পত্ৰ, অংগবস্ত্ৰ আৰু একোখনকৈ গামোচাৰে শিল্পী  দুগৰাকীক সন্মান জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.