স্বাধীনতা সংগ্রামী, অসম বিধান সভাৰ অধ্যক্ষ মহীকান্ত দাস ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যু বার্ষিকী

0 106
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ আগষ্ট : ১৯০৩ৰ ১৭ অক্টোবৰত অবিভক্ত দৰং জিলাৰ তেজপুৰ মহকুমাৰ হলেশ্বৰত জন্ম গ্ৰহণ কৰিছিল প্রয়াত মহীকান্ত দাসে। পৰৱৰ্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনত সক্রীয়ভাবে অংশগ্ৰহণ কৰি ১৯৪২ৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পাছতেই যোৰহাট কাৰাগাৰত কাৰাদ্ধ হৈ থকা অসম  বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যুবার্ষিকী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সহপাঠী এইগৰাকী মুক্তি যোদ্ধাৰ ওপৰতে যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক  বন্দীসকলৰ সভা-সমিতি আহ্বান কৰা আৰু খেল-ধেমালি অনুষ্ঠিত কৰাৰ দায়িত্ব পৰিছিল। তেতিয়াই সান্নিধ্য লাভ কৰিছিল বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, গোপীনাথ বৰদলৈৰ দৰে স্বাধীনতা সংগ্ৰামীৰ। আনকি ৰাজনৈতিক বন্দীৰূপে থকা কুশল কোঁৱৰকো সাক্ষাৎ কৰিছিল দাসে। ১৯৬৮ ত অসম বিধানসভাৰ অধ্যক্ষৰ আসন অলংকৃত কৰা স্বাধীনতা সংগ্ৰামীজনৰ অহা ১৬ আগষ্টৰ ৩৫ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে তেজপুৰ কমাৰ চুবুৰী নিবাসী তেওঁৰ জীয়াৰী অনু দাস আৰু তেওঁৰ নাতি অমৰ দাস তথা গুণমুগ্ধসকলে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰে সংগতি ৰাখি স্বাধীনতা সংগ্রামীজনক স্মৰণ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.