স্বৰ্ণমণ্ডিত দ্বাৰকাত অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল কেনেকৈ সৃষ্টি হৈছিল?
তেজপুৰৰ বাণ থিয়েটাৰত "চাতক"ৰ নাটক "যুগ অন্য যুগ"ত দৰ্শকে বিচাৰি পালে কলাত্মক ছবি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ মে’: মহাভাৰতৰ যুদ্ধোত্তৰ কালৰ কাহিনীৰ বিশেষ দৰ্শনেৰে অনিল কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা “যুগ অন্য যুগ” নাটক কালি প্ৰতিকূল বতৰৰ মাজতো তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত গৰিষ্ঠসংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হয়। নাটকখনৰ কাহিনী আছিল মহাভাৰতৰ অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধৰ পৰৱৰ্তী কালছোৱা। স্থান দ্বাৰকা। আপাতত: যুদ্ধোত্তৰ কালৰ শান্তিৰ সময়। কিন্তু প্ৰকৃততে জানো শান্তি আহিছিল? নে অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল আছিল সেই সময়ছোৱা। এই প্ৰশ্নৰ উত্তৰ কালি নাট্যকাৰে দিলে একাংশ দক্ষ অভিনয় শিল্পীৰ জৰিয়তে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ।মাত্ৰ এঘন্টা পোন্ধৰ মিনিটৰ ভিতৰতে সেইখিনি সময়ৰ বয়সৰ কৃষ্ণ, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰাম, কৃষ্ণৰ বন্ধু উতংগ, সাত্যকি, কৃত বৰ্মা, দাৰুক, ব্যাধ, ৰুক্মিণী, এগৰাকী বৃদ্ধ আৰু কিশোৰ চৰিত্ৰক লৈ বিশিষ্ট সংগীতশিল্পী তথা “চাতক”ৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য্যই এক বিশেষ দৰ্শনেৰে ৰচনা কৰা আৰু ইতিমধ্যে আকাশ বাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হৈ বহুল সমাদৃত “যুগ অন্য যুগ” শীৰ্ষক নাটকখনে দীৰ্ঘ বিৰতিৰ পিছত এখন বিশেষ কলাত্মক নাটকৰ উপহাৰ দিয়ে। বিশিষ্ট নাট্য আৰু ভাওনা শিল্পী ভৱানী ভূঞাই নাট্যকাৰ অনিল কুমাৰ ভট্টাচাৰ্যৰ সৈতে পৰিচালনা কৰা এই নাটকখনত অনিল কুমাৰ ভট্টাচাৰ্যৰ জৰিয়তে মানস প্ৰতীম বৰাই অতি অৰ্থবহ আৰু মনোগ্ৰাহী সংগীত ব্যৱহাৰ কৰাৰ লগতে পোহৰ নিক্ষেপণৰ ক্ষেত্ৰত তেজপুৰৰ বিশিষ্ট আলোক শিল্পী বিপুল নাথেও পোহৰৰ সু প্ৰয়োগ কৰা পৰিলক্ষিত হয়। ![]()

স্বৰ্ণমণ্ডিত দ্বাৰকাৰ দ্বাৰ সেইখিনি সময়ত কিয় খহি পৰিছিল? মহা প্ৰলয়ে এফালৰ পৰা সকলোকে কেনেদৰে গ্ৰাস কৰিছিল? অৰ্জ্জুনৰ সতে হস্তিনাপুৰলৈ যোৱা কুলবধু সকলৰ কি হ’ল?
সেই দৃশ্য সমূহৰ সঠিক তথা মনোগ্ৰাহী উপস্থাপনে দীৰ্ঘ বিৰতিৰ পিছত তেজপুৰৰ ৰুচিশীল দৰ্শকক আমোদ দিয়া পৰিলক্ষিত হয়। উদীয়মান আকাংক্ষা ভূঞা, মৰিচী দেৱ নাথ আৰু জ্ঞানাংগ নাথ শৰ্মাই নাটকখনৰ বিশেষ দৃশ্যাংশত অংশ গ্ৰহণ কৰি দৰ্শকক আপ্লুত কৰাৰ সমান্তৰাল ভাবে ইতিমধ্যে দক্ষ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা ৰাজীৱ শৰ্মাই বলোৰামৰ চৰিত্ৰত, দিপাংকৰ নাথে কৃষ্ণৰ চৰিত্ৰত অতি সাৱলীল অভিনয় কৰি পুনৰ নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। একেদৰে, গৌতম কোঁচ, নিতুমণি কলিতা, বিপ্লৱ শৰ্মা, গৌতম শৰ্মাৰ লগতে অনিল কুমাৰ ভট্টাচাৰ্য, ভৱানী ভূঞা, পংকজ শৰ্মাই অভিনয় কৰা নাটকখনৰ একমাত্ৰ নাৰী চৰিত্ৰ ৰুক্মিণীৰ চৰিত্ৰত অভিনয় কৰিছিল মুন ডেকা চৌধুৰীয়ে।
সেইদৰে একমাত্ৰ শিশু চৰিত্ৰ ৰূপায়ণ কৰা চৰ্চিকা চৌধুৰীৰ সাৱলীল অভিনয় যেনেদৰে আশাব্যঞ্জক আছিল সেইদৰে নাটকখনৰ অতি কঠিন সংলাপ সমূহ প্ৰত্যেক গৰাকী অভিনয় শিল্পীয়ে সলসলীয়াকৈ আওৰাই অভিনয়ত কোনোধৰণৰ জঠৰতা নৰখাটো আন এক অন্যতম দিশ বুলি দৰ্শকে মন্তব্য কৰা পৰিলক্ষিত হয়।
