স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন স্মৰণিকা প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে বুলি স্মৃতিগ্ৰন্থৰ সম্পাদক প্ৰশান্ত দত্তই জানিবলৈ দিছে৷ সদৌ লখিমপুৰ জিলা ছাত্ৰসন্থাৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হ’ব লগা বিহু সন্মিলন উপলক্ষে প্ৰকাশ পাব লগা স্মৰণিকাৰ বাবে বিহু সম্পৰ্কীয় প্ৰবন্ধ, নিবন্ধ, কবিতা আদিৰ লেখা আহ্বান কৰা হৈছে৷ অহা ৩০ মাৰ্চৰ পূৰ্বে এই লেখাসমূহ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত পোৱাকৈ প্ৰেৰণ কৰিব পাৰিব৷ এই সন্দৰ্ভত ৯৯৫৭৭১৮২২০ অথবা ৯০০২২৭৫১৬৬ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি প্ৰশান্ত দত্তই সদৰি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.