সৰ্বভাৰতীয় পৰ্যায়ৰ কুইজত সফল হৈ লাখ লাখ টকা লাভ তেজপুৰৰ দুই ছাত্ৰৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয় চৌহদত অৱস্হিত চাৰি নম্বৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ দুজন ছাত্ৰ জিলিকি উঠিছে সৰ্বভাৰতীয় পৰ্যায়ত৷ তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দুই ছাত্ৰ ৰংগৰাজ ডেকা আৰু দৰ্শন দিপন বৰুৱাই খেল ইণ্ডিয়াৰ অংশ হিচাপে ২০২২ বৰ্ষত অনুষ্ঠিত হোৱা ফিট ইণ্ডিয়া কুইজ প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় ৰানাৰ্চ আপৰ সন্মান লাভ কৰিছে৷ তেওঁলোকে অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে ২৫ হাজাৰ টকাৰ ধনৰাশি ৰাজ্য চৰকাৰৰ পৰা লাভ কৰাৰ বিপৰীতে কেন্দ্ৰৰ পৰা লাভ কৰিব এক লাখ টকা৷ আজি এই দুই ছাত্ৰক বিদ্যালয়খনত উষ্ম আদৰণি জনায় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাসে৷ ইফালে বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ এই দুই ছাত্ৰৰ সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২.৫০ লাখ আৰু পৰৱৰ্তী সময়ত ১০ লাখ টকা লাভ কৰিব বিদ্যালয়ে৷ আজি দুই ছাত্ৰক বিদ্যালয়খনত তেওঁলোকে লাভ কৰা চেক প্ৰদান কৰাৰ লগতে উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰছাত্ৰী সকলেও৷
