১২ আৰু ১৩ মে’ত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

0 41

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,৮মে’ : কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ আন এজন মহীৰূহ তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১২ আৰু ১৩ মে’ত পুৰোধাগৰাকীৰ জন্ম স্হান বিহগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । বিগত ২০ জুলাই ২০২২ তাৰিখে তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত অহা ১২ আৰু ১৩ মে’ত দুদিনীয়া কাৰ্যসূচীৰে বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব মৃত্যু শতবৰ্ষৰ মূল কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি ১২ মে’ৰ পুৱা ৯ বজাত পতাকা উত্তোলন, ৯-২০ বজাত বন্তি প্ৰজ্বলন, ৯-৩০ বজাত শ্বহীদ তৰ্পণ, ৯-৪৫ স্মৃতি তৰ্পণ, ১০-১৫ বজাত গছপুলি ৰোপণ, দিনৰ ১১ বজাত স্হানীয় মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন, দিনৰ ১২-৩০ বজাত বঁটা বিতৰণী আৰু ১ বজাত অনুষ্ঠিত হ’ব ” ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা” শীৰ্ষক আলোচনাচক্ৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই উদ্বোধন কৰিব লগীয়া আলোচনাচক্ৰ খন সঞ্চালনা কৰিব দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, বিশিষ্ট লেখিকা ড° স্বাধীনতা মহন্তই।আলোচক ৰূপে অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতা, অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ আৰু তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা “গণকন্ঠ” কাকতৰ সম্পাদক ড° প্ৰাণজিৎ হাজৰিকাই। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব অনুষ্ঠানৰ প্ৰথম দিনাৰ অন্তিম কাৰ্যসূচী বিহগুৰিৰ প্ৰতিটো ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন । ১৩ মে’ ৰ পুৱা ১০-৩০ বজাত মুখ্যমন্ত্ৰী লৈ সাংস্কৃতিক অভিবাদন, ১১-৩০ বজাত অনুষ্ঠানৰ মূল কাৰ্যসূচী ” মূল সভা “। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মৃত্যু শতবৰ্ষ সোঁৱৰণী সমিতিৰ সভাপতি জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগীয়া মূল সভা উদ্বোধন কৰিব কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীয়ে। মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাতে মৃত্যু শতবৰ্ষৰ উদযাপন সমিতিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক “জনকন্ঠ” উপাধি প্ৰদান কৰিব। এই সভাতে উদযাপন সমিতিৰ হৈ বিশ্বজিৎ কুমাৰ নাথৰ সম্পাদনাত প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থ “পথিকৃৎ” উন্মোচন কৰিব তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে। সভাত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব মন্ত্ৰী অশোক সিংহল, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিধায়ক গণেশ কুমাৰ লিম্বুয়ে । বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ‌ই । কৰ্মবীৰ জনৰ কৰ্ম ৰাজি নৱ- প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী, ৰাইজৰ উপস্হিতি উদযাপন সমিতিৰ সম্পাদক ত্ৰৈলোক্য মোহন নাথে একান্ত ভাবে কামনা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.